শিৱসাগৰ জিলাত কৃষি যান্ত্ৰিকীকৰণৰ সংযোজন...

শিৱসাগৰ জিলাত কৃষি যান্ত্ৰিকীকৰণৰ সংযোজন...

ডিজিটেল ডেস্ক : শুকুৰবাৰে শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক ৰাইজৰ বাবে বিভিন্ন সামগ্ৰী বিতৰণৰ এক অনুষ্ঠান জিলা কৃষি বিষয়া কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় ৷ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ।

কৃষি ক্ষেত্ৰত শিৱসাগৰ অসমৰ ভিতৰত যাতে এখন জাকত জিলিকা জিলা হৈ পৰে তাৰ বাবে বিশেষ প্ৰচেষ্টা ল'বলৈ উপস্থিত কৃষক ৰাইজক আহ্বান জনাই উপায়ুক্তগৰাকীয়ে ৷ পুৱা ১০.00 বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া আচিফ বৰাই৷ সহকাৰী সঞ্চালক অমৃত শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, আমগুৰি মহকুমা কৃষি বিষয়া ৰুমী বৰা, মহকুমা কৃষি বিষয়া ৰুনীমা মিলি আৰু অন্যান্য বিষয়াসকল৷

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, পূব ভাৰতলৈ সেউজ বিপ্লৱ কঢ়িওৱা আঁচনি, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্ৰধান মন্ত্ৰী কৃষি সিঞ্চাই যোজনা আঁচনিৰ অধীনত অনুষ্ঠানটিত জিলাখনৰ কৃষকৰ বাবে বিভিন্ন কৃষি সা-সঁজুলি বিতৰণৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ ভিতৰত ৪০০জন কৃষকৰ বাবে ৮৫হাজাৰ টকা ৰেহাই মূল্যত পাৱাৰ টিলাৰ বিতৰণে শিৱসাগৰ জিলাৰ কৃষকসকলৰ বাবে এক অভিনৱ সংযোজন হ'ব বুলি আশা কৰিছে কৃষি বিষয়া ৷

একে সময়তে কৃষি বিভাগে পথাৰত বিভিন্ন শস্যৰ মাজত নিৰনি কৰিবৰ বাবে ২৭৫টা যন্ত্ৰচালিত নিৰনি যন্ত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হয় ৷ উদ্যান শস্যৰ ক্ষেত্ৰত আগুৱাই নিবৰ বাবে বিনামূলীয়াকৈ পলিথিন গৃহ আৰু ছাঁ দিয়া গৃহও আগবঢ়োৱা হয় যাতে অঋতুকালীন সময়তো তেওঁলোক কৃষি ক্ষেত্ৰত আগুৱাই যাব পাৰে ৷ তদুপৰি মহিলাসকলৰ বাবে মচলা আৰু পিঠা খুন্দা যন্ত্ৰৰ লগতে উদ্যান শস্যৰ সঁজুলি বিতৰণ কৰা হয়৷

শিৱসাগৰ জিলাত কৃষি যান্ত্ৰিকীকৰণৰ সংযোজন...
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিত নিয়ম বহিৰ্ভূত পন্থা অৱলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in