কৰ্ম সংস্থাপন বিচাৰি বৰ্হিৰাজ্যলৈ গৈ নিৰুদ্দেশ এগৰাকী ব্যক্তি...

গহপুৰৰ ডুবিয়া যোৰহটীয়া গাঁৱৰ ঘনকান্ত হাজৰিকা (৪৪) নামৰ লোকজন ২৫ মাৰ্চত কৰ্ম সংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল । ইয়াৰ ঠিক দুদিনমান পিছতে কেৰেলাত ব্যক্তিজন নিৰুদ্দেশ হৈ আছে
নিৰুদ্দেশ ব্যক্তি গৰাকী
নিৰুদ্দেশ ব্যক্তি গৰাকী

ডিজিটেল সংবাদ, গহপুৰঃ কৰ্ম সংস্থাপন বিচাৰি বৰ্হিৰাজ্যলৈ গৈ নিৰুদ্দেশ হৈছে এগৰাকী ব্যক্তি। কেৰেলাৰ মালাপূৰমলৈ যোৱা গহপুৰৰ ডুবিয়াৰ এজন ব্যক্তি নিৰুদ্দেশ হোৱা ঘটনাই বিপদত পেলাইছে পৰিয়ালটোক।

গহপুৰৰ ডুবিয়া যোৰহটীয়া গাঁৱৰ ঘনকান্ত হাজৰিকা (৪৪) নামৰ লোকজন ২৫ মাৰ্চত কৰ্ম সংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল । ইয়াৰ ঠিক দুদিনমান পিছতে কেৰেলাত ব্যক্তিজন নিৰুদ্দেশ হৈ আছে । ইতিমধ্যেই পৰিয়ালৰ লোকে গহপুৰৰ লগতে কেৰেলাৰ আৰক্ষীকো অৱগত কৰিছে ঘটনাটো ।

পিছে কেৰেলাত উদ্ধাৰ হোৱা এটা অচিনাক্ত মৃতদেহক লৈ চিন্তাত পৰিছে ডুবিয়াৰ ঘনকান্ত হাজৰিকা পৰিয়াল । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটো কেৰেলালৈ গৈ ব্যক্তিজনক বিচৰাতো পৰিছে সমস্যাত । সেয়েহে চৰকাৰ, প্ৰশাসনৰ সহায় বিচাৰি সংবাদমাধ্যমৰ কাষ চাপিছে পৰিয়ালটোৱে ।

নিৰুদ্দেশ ব্যক্তি গৰাকী
অৱশেষত চাওমিন কাণ্ডৰ অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক গ্ৰেপ্তাৰ ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in