/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b6b2df4f-c990-48d5-9056-9c62d99ce24a/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ ছয়দুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম টকৌবাৰী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে বিদ্যালয়ৰ স্মৃতি তোৰণৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। এসময়ত বিভিন্ন সামাজিক আৰু ৰাজহুৱা কৰ্মৰে জড়িত পশ্চিম টকৌবাৰীৰ চন্দ্ৰ বাহাদুৰ ছেত্ৰী আৰু কলাৱতী দেৱীৰ পবিত্ৰ স্মৃতিত বিদ্যালয়খনৰ মূল প্ৰৱেশ পথত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা পকী আৰু লোৰ গেট সংলগ্ন তোৰণখন পুৱা প্ৰায় ১০ বজাত এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে শুভ উন্মোচন কৰে প্ৰয়াত চন্দ্ৰ বাহাদুৰ ছেত্ৰী আৰু কলাৱতী দেৱীৰ পুত্ৰ ছেৰ বাহাদুৰ ছেত্ৰীয়ে।
চন্দ্ৰ বাহাদুৰ ছেত্ৰী আৰু কলাৱতী দেৱীৰ আন এজন পুত্ৰ তথা অৱসৰপ্ৰাপ্ত বন বিষয়া গজেন ছেত্ৰী আৰু তেওঁৰ পুত্ৰ বিনোদ ছেত্ৰীয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত লক্ষাধিক টকা ব্যয় কৰি বিদ্যালয়খনলৈ আগবঢ়াইছে তোৰণখন। পিতৃ-মাতৃ আৰু ককাক-আইতাকৰ স্মৃতি যাউতীযুগীয়া কৰি ৰাখিবলৈ নিৰ্মাণ কৰি উলিওৱা এই স্মৃতি তোৰণখনে বিদ্যালয়খনক অধিক আকৰ্ষণীয় কৰি তুলিছে বুলি উল্লেখ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰ্মল ভড়ালীয়ে। ইয়াৰ পিছতে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত অনুষ্ঠিত হোৱা তোৰণ উন্মোচনী সভাখনত সভাপতিত্ব কৰে পশ্চিম টকৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যাদৱ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1e2f47f0-6a56-497e-b6b2-5c4a12a3569e/05e68866_32c2_4f88_8584_71e2db7db666.jpg)
বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য এদু উপাধ্যায়ে আঁত ধৰা সভাখনত ১৯৭২ চনতে স্থাপন হোৱা বিদ্যালয়খনে যোৱা ৫১ বছৰে আগবঢ়াই অহা শৈক্ষিক সেৱাৰ বিষয়ে বিভিন্নজনে বহলাই আলোকপাত কৰে। বিদ্যালয় কৰ্তৃপক্ষই সভাখনৰ জৰিয়তে তোৰণ দাতা গজেন ছেত্ৰী আৰু তেওঁৰ পুত্ৰ বিনোদ ছেত্ৰীৰ লগতে পৰিয়ালবৰ্গক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/5d296653-d2d0-4a35-b58d-e023bc7c30b9/5f330f26_3f09_4045_805a_aded5a8ca8e8.jpg)
বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰ্মল ভড়ালীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গনেশ ছেত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক ধন বাহাদুৰ ছেত্ৰী, শিক্ষক হেমন্ত খতিৱাৰা, দিগন্ত দাস,স্থানীয় ব্যক্তি নিৰ্মল কাৰ্কী, ভৰত ছেত্ৰী, সাৰদা ছেত্ৰী, বিষ্ণু ৰাখাল, কমলা কাৰ্কী, পৰশুৰাম থাপা আৰু বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, অভিভাৱকসকল উপস্থিত থাকে।
Also Read: ঢকুৱাখনাত ম'ৰেল পুলিচিঙৰ ঘটনাঃ চোৰৰ সন্দেহত বৃদ্ধক নিৰ্মম প্ৰহাৰ