ঢকুৱাখনাত ম'ৰেল পুলিচিঙৰ ঘটনাঃ চোৰৰ সন্দেহত বৃদ্ধক নিৰ্মম প্ৰহাৰ

ঢকুৱাখনাত ম'ৰেল পুলিচিঙৰ ঘটনাঃ চোৰৰ সন্দেহত বৃদ্ধক নিৰ্মম প্ৰহাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এক অমানৱীয়, নিৰ্দয় আৰু জঘন্য ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। এগৰাকী বৃদ্ধক চোৰৰ সন্দেহত ৰাজপথৰ ওপৰত বান্ধি বৰ্বৰ আক্ৰমণ এচাম উদণ্ড ব্যক্তিৰ। ঘটনাৰ স্থান ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জিয়ামৰিয়া গাঁও। যোৱা ১১ছেপ্টেম্বৰৰ নিশা একে গাঁৱৰে বৰ্ষীয়ান ব্যক্তি বগা কোচে গাঁৱৰে নামঘৰত ভাওনাৰ আখৰা চাই স্বগৃহ অভিমুখী হয়।

নিশা প্ৰায় ৮-৩০ বজাত স্বাভাৱিক ভাবেই ঘৰলৈ উভতাৰ সময়তে অঞ্চলটোৰ টংকেশ্বৰ কোচৰ পুত্ৰ গাপেছ কোচ আৰু মুদৈ কোচৰ পুত্ৰ ধৈৰ্য কোচে বৃদ্ধ ব্যক্তিজনক বলপূৰ্বক আগ ভেটি ধৰি চোৰৰ সন্দেহত উপৰ্যুপৰি প্ৰহাৰ কৰে। উদণ্ড আৰু উন্নাসিক ব্যক্তিসকলে চোকা অস্ত্ৰৰে বৃদ্ধগৰাকীক আঘাত কৰি, হাত-ভৰি বান্ধি নিৰ্মম শাৰীৰিক অত্যাচাৰ চলাই গুৰুতৰ ভাবে জখম কৰে। পাছত  মুমূৰ্ষু অৱস্থাত ৰাজপথৰ ওপৰত পৰি থকা লোকজনক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বৃদ্ধজনক চিনাক্ত কৰে আৰু পৰিয়ালক খবৰ দিয়ে। গুৰুতৰভাবে আহত ব্যক্তিজনক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত জৰুৰী চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আহত কোচক প্ৰেৰণ কৰে। সম্প্ৰতি জীৱন মৃত্যুৰে যুঁজি থকা নিৰীহ নিৰপৰাধী বৃদ্ধজনৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত আত্মীয়ই সদৰ থানাত গোচৰ ৰুজু কৰিছে। এই সন্দৰ্ভত পঞ্জীভূত গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ সতে জড়িত দুজন ব্যক্তিক আটক কৰিছে। ঢকুৱাখনাত সংঘটিত মৰেল পুলিচিঙৰ এই বৰ্বৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰে জড়িতক উচিত শাস্তি বিহাৰ দাবী সৰ্বত্ৰে উত্থাপিত হৈছে যাতে ভৱিষ্যতলৈ এনে জঘন্য কাণ্ডৰ পুনৰাবৃত্তি নঘটে।

ঢকুৱাখনাত ম'ৰেল পুলিচিঙৰ ঘটনাঃ চোৰৰ সন্দেহত বৃদ্ধক নিৰ্মম প্ৰহাৰ
নগাঁৱৰ জাজৰি উঃ মাঃ বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰস্তুতি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in