শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ : গহপুৰত মজিয়াত বস্তা পাৰি আদিপাঠ গ্ৰহণ অৰ্ধশতাধিক শীক্ষাৰ্থীৰ...

৯০ গৰাকীকৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা

author-image
Asomiya Pratidin
New Update
শিক্ষা বিভাগৰ প্ৰকৃত স্বৰূপ : গহপুৰত মজিয়াত বস্তা পাৰি আদিপাঠ গ্ৰহণ অৰ্ধশতাধিক শীক্ষাৰ্থীৰ...

ডিজিটেল সংবাদ, গহপুৰ : ৯০ গৰাকীকৈ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা। মজিয়াত বস্তা পাৰি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগা হৈছে এইসকল ছাত্ৰ-ছাত্ৰীয়ে। গহপুৰৰ কৃষ্ণপুৰ গাঁৱত ১৯৮৫ চনতে স্থাপিত কৃষ্ণপুৰ বিদ্যাজ্যোতি প্ৰাথমিক বিদ্যালয়খনত ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাদান দি আহিছে মাত্ৰ এজন শিক্ষকে।

Advertisment

প্ৰাদেশিকীকৰণৰ মুখ দেখিবলৈ সক্ষম নোহোৱা বিদ্যালয়খনত দুজন টিউটৰ শিক্ষক আছিল যদিও প্ৰধান শিক্ষয়িত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি থকা শিক্ষয়িত্ৰী গৰাকীৰ অকাল মৃত্যু ঘটাত বিগত এবছৰ ধৰি এজনীয়া শিক্ষকেৰে চলি আছে বিদ্যালয়খন। আন্তঃগাঠনিৰ অভাৱত বাঁহৰ জৰাজীৰ্ণ গৃহতে শিক্ষাগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নাই এখনো ডেস্ক-বেঞ্চ, নাপায় ইউনিফৰ্ম।

যি সময়ৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱত একাংশ চৰকাৰী বিদ্যালয় চৰকাৰে বন্ধ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণৰ সময়ত ৯০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকা এখন অপ্ৰাদেশিকীকৃত বিদ্যালয় শিক্ষা বিভাগৰ দৃষ্টিগোচৰ নোহোৱাটো অতি পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে।

Also Read: প্ৰসংগ সংগীতা-ৱালিউল: ৩২ টা চিচি টিভিৰ ফুটেজে উন্মোচিত কৰিছে বহু তথ্য...

gohpur education department of assam