সুবিধা থাকিলেও উপযুক্ত প্ৰশিক্ষকৰ অভাৱত ভুগিছে গহপুৰৰ চিকিৎসালয়

সুবিধা থাকিলেও উপযুক্ত প্ৰশিক্ষকৰ অভাৱত ভুগিছে গহপুৰৰ চিকিৎসালয়

ডিজিটেল সংবাদ, গহপুৰঃ "আছে গৰু নাবায় হাল"- আপ্ত বাক্যশাৰী আখৰে আখৰে প্ৰতিপন্ন হৈছে গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ ক্ষেত্ৰত। চিকিৎসালয়খনত সৰ্প দংশনৰ মহৌষধ স্বৰূপ এণ্টিভেনমৰ বেজি আছে যদিও ভুক্তভোগীয়ে উক্ত সুবিধা লাভ নকৰে। কিয়নো এণ্টিভেনম বেজি প্ৰদান কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰাপ্ত চিকিৎসক, নাৰ্চৰ লগতে আই চি ইউ কক্ষৰ অভাৱ চিকিৎসালয়খনত।

যাৰ ফলত সৰ্প দংশন ৰোগীসকলক বৰগাং অথবা তেজপুৰলৈ নিবলৈ বাধ্য হয় ভুক্তভোগী। শুকুৰবাৰে গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসলয়ত উপস্থিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী তথা সমাজকৰ্মী ডাঃ দিব্যজ্যোতি শইকীয়াই চিকিৎসালয়খন পৰ্যবেক্ষণ কৰি উক্ত তথ্য পোহৰলৈ আনে।

এই কথা জানিব পৰাৰ পাছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত। উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী তথা সমাজকৰ্মীগৰাকীয়ে ১০০খন বিচনাযুক্ত চিকিৎসালয়খনত হৃদৰোগ বিশেষজ্ঞ চিকিৎসকৰ লগতে এণ্টিভেনম বেজি প্ৰদানৰ সুবিধা কৰিবলৈ অসম চৰকাৰৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনায়।

সুবিধা থাকিলেও উপযুক্ত প্ৰশিক্ষকৰ অভাৱত ভুগিছে গহপুৰৰ চিকিৎসালয়
বিশ্বনেতাৰ সন্মুখত দেশৰ জয়গানেৰে জি-২০ৰ শীৰ্ষ সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in