হেলেম আৰক্ষী থানাৰ অধীনলৈ ঘাঁহিগাঁও আৰক্ষী চকীৰ ৫৭খন গাঁও...

হেলেম আৰক্ষী থানাৰ অধীনলৈ ঘাঁহিগাঁও আৰক্ষী চকীৰ ৫৭খন গাঁও...

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ পূৰ্বতে গহপুৰ আৰক্ষী থানাৰ অধীনত থকা ঘাঁহিগাঁও আৰক্ষী চকীৰ মুঠ ৫৭খন গাঁও হেলেম আৰক্ষী থানাৰ অধীনলৈ স্থানান্তৰিত হয় । অৰ্থাৎ এতিয়াৰে পৰা ঘাঁহিগাঁও আৰক্ষী চকীখন হেলেম আৰক্ষী থানাৰ অধীনত পৰিচালিত হ'ব।

ঘাঁহিগাঁও আৰক্ষী চকীৰ চাৰিসীমা অনুসৰি, উত্তৰে- বৰাণীপথাৰ, আমজাৰনি, টেটোনবাৰী, ব্ৰহ্মাজান চাহ বাগিচা, ডফলাগড় চাহ বাগিচা, বালিজান; দক্ষিণে- হুকাজান, বৰঙাবাৰী, ডিপৰা, গোপালজাৰণী, ঠুঁটে চাপৰিৰ পৰা ব্ৰহ্মপুত্ৰ নদী; পূবে- বৰঙাবাৰী, ব্ৰহ্মাজান, ৰাঙলীয়াল, বালিজান আৰু পশ্চিমে- ঘাঁহিগাঁও চেণ্টাৰ। তথ্য অনুসৰি এই চাৰিসীমাৰ মাজত আছে ৫৭ খনকৈ গাঁও।

পূৰ্বতে এই চাৰিসীমাৰ ৰাইজে যি কোনো আইন শৃংখলাজনিত গোচৰ গহপুৰ আৰক্ষী থানালৈ যাব লগীয়া হৈছিল। কিন্তু এতিয়াৰে উক্ত এলেকাৰ ৰাইজে হেলেম আৰক্ষী থানাতহে পঞ্জীয়ন কৰিব পাৰিব আইনী গোচৰ। অসমৰ ৰাজ্যপালৰ অনুমোদনৰ ভিত্তিত অসম চৰকাৰৰ গৃহ বিভাগে এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ এই সংক্ৰান্তত চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখযোগ্য যে, গহপুৰ আৰক্ষী থানাৰ এলেকাটো এটা বৃহৎ এলেকা আছিল। ঘাঁহিগাঁও আৰু হাৱাজান আৰক্ষী চকী সাঙুৰি থকা গহপুৰ আৰক্ষী থানাৰ পৰা ঘাঁহিগাঁও আৰক্ষী চকীখন পৃথক হৈ পৰাত এতিয়া যথেষ্ট ভৰ কমিব গহপুৰ আৰক্ষী থানাৰ। ইপিনে হেলেম আৰক্ষী থানাৰ এলেকা ইয়াৰ আগলৈকে তেনেই সীমিত আছিল।

থানাখনৰ গোচৰ পঞ্জীয়নৰ সংখ্যাও তেনেই কম আছিল ।শেহতীয়াভাবে গহপুৰ আৰু হেলেম আৰক্ষী থানাৰ চাৰিসীমাৰ এলেকা প্ৰায় সমান হৈ পৰাত আইন শৃংখলাজনিত পৰিস্থিতি স্বাভাৱিক কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব দুয়োখন আৰক্ষী থানাৰ বাবে।উল্লেখ্য গহপুৰবাসী ৰাইজে অসম চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে।

হেলেম আৰক্ষী থানাৰ অধীনলৈ ঘাঁহিগাঁও আৰক্ষী চকীৰ ৫৭খন গাঁও...
মুছলপুৰত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান আক্ৰাছুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in