মুছলপুৰত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান আক্ৰাছুৰ...

মুছলপুৰত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান আক্ৰাছুৰ...

ডিজিটেল সংবাদ, মুছলপুৰঃ কমতাপুৰ গঠন আৰু কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত বাক্সা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই শুকুৰবাৰে এক স্মাৰকপত্ৰ প্ৰদান কৰে৷ সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে কোচ-ৰাজবংশী ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰিছে এই স্মাৰকপত্ৰ ৷

সমান্তৰালভাবে মুছলপুৰতো বাক্সা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে জিলা আয়ুক্ত মাচণ্ডা পাৰ্টিনৰ জৰিয়তে কমতাপুৰ ৰাজ্য গঠন আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ দাবীত এই স্মাৰক পত্ৰ প্ৰদান কৰে ৷ প্ৰতিনিধি দলটোৱে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে উচিত প্ৰত্যুত্তৰ দিব বুলিও হুংকাৰ প্ৰদান কৰে৷

মুছলপুৰত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান আক্ৰাছুৰ...
চিৰাঙৰ বিষ্ণুপুৰ-উলুবাৰী পথত মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in