/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1157c8ae-70f3-4f8e-823c-159b76e6882c/gohpur.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ এখন গাঁৱৰ যুৱ চামৰ কৰ্মই আদৰ্শৰ চূড়ান্ত নিদৰ্শন দাঙি ধৰিছে । সকলোৱে যুৱ চামৰ এই কৰ্মক শলাগ লৈছে । গৰমৰ বন্ধত কণ-কণ শিশুসকলক শৈক্ষিক, সাংস্কৃতিক, বৌদ্ধিক আদি ক্ষেত্ৰত আগুৱাই নিবৰ বাবে গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত কৰাটো পৰম্পৰাত পৰিণত হৈছে গহপুৰৰ এখন গাঁৱত। ২০১৫ চনৰ পৰাই প্ৰতিটো গৰম বন্ধতে গহপুৰৰ মাজিকুছি গাঁৱৰ প্ৰগতি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত গাঁৱৰ ডেকাচামে কণ-কণ শিশুসকলক লৈ গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a35e32c8-5970-42ef-a238-e18ec3110127/0ad21902_6086_42f0_8b26_b9784f52182b.jpg)
এইবেলিও ১৫০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীক লৈ এই গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠিত কৰা হৈছে। বিভিন্ন ক্ষেত্ৰত কৰ্মৰত শিক্ষিত যুৱচামে এইকেইটা দিন গাঁৱৰে অনুজ সকলক শৈক্ষিক, সাংস্কৃতিক, সাহিত্য আদি ক্ষেত্ৰত প্ৰশিক্ষণ তথা শিক্ষা আগবঢ়ায়। গীত, কবিতা, নৃত্য, চিত্ৰাংকণ আদি বিষয়টো সকলোকে আগুৱাই নিবলৈ প্ৰচেষ্টা চলাইছে প্ৰগতি গাঁও উন্নয়ন সমিতিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/12ea467f-4c87-4f56-b26a-34b8cda6412c/60d78bd4_3a6b_4642_a08c_1d8676aadb13.jpg)
Also Read: অসমৰ পৰা বহিঃৰাজ্যলৈ নিয়া চুৰি বাহন উদ্ধাৰ আৰক্ষীৰ...