অসমৰ পৰা বহিঃৰাজ্যলৈ নিয়া চুৰি বাহন উদ্ধাৰ আৰক্ষীৰ...

অসমৰ পৰা বহিঃৰাজ্যলৈ নিয়া চুৰি বাহন উদ্ধাৰ আৰক্ষীৰ...

ডিজিটেল সংবাদ, চতিয়াঃ চতিয়াৰ ব’লেৰ পিকআপ উদ্ধাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল নমৰাত ৷ চতিয়াৰ জ্যোতি মিনি ট্ৰাক ষ্টেণ্ডৰ পৰা যোৱা বৃহস্পতিবাৰে গহপুৰলৈ বুলি ব’লেৰ পিকআপ ভেনখন ভাড়ালৈ লৈছিল চতিয়াৰ আমবাৰী পবিত্ৰ শৰ্মা নামৰ এজন যুৱকে ৷

বৃহস্পতিবাৰে চতিয়াৰ পৰা গহপুৰলৈ বুলি ড্ৰাইভাৰ লগনু তাঁতিৰ লগত বাবু নামৰ এজন যুৱক আৰু পবিত্ৰ ওলাই গৈছিল ৷ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰৰ পৰিৱৰ্তে গাড়ীখন তিনিসুঁতি হৈ নমৰাত উপস্থিত হোৱাত অৰুণাচলৰ আৰক্ষীয়ে সন্দেহ বশত গাড়ীখনত তালাচী চলাই ড্ৰাইভাৰ আৰু বাবুক গাড়ীসহ অৰুণাচল আৰক্ষীয়ে ৰাখি থয় ৷

ড্ৰাইভাৰে উক্ত ঘটনাৰ সম্পৰ্কে বহু সময়ৰ পিছত গাড়ীখনৰ গৰাকীক জনোৱাত বৃহস্পতিবাৰে নিশা চতিয়া আৰক্ষীক ঘটনা সন্দৰ্ভত জাননী দিয়ে মালিকে ৷ চতিয়া আৰক্ষীয়ে শুকুৰবাৰে ব’লেৰ’ পিকআপখনৰ তথ্য বিতংভাৱে সংগ্ৰহ কৰে চিজুছাৰ আৰক্ষী বিষয়াৰ পৰা ৷ ইতিমধ্যে শুকুৰবাৰে নিশা চতিয়া আৰক্ষীৰ দল উপস্থিত হয় অৰুণাচলৰ দুৰ্গম অঞ্চল নমৰাত ৷

শনিবাৰে চতিয়া আৰক্ষীৰ দলে ব’লেৰ’সহ উপস্থিত হয় চতিয়াত ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গাড়ী চুৰি চক্ৰ জড়িত থকাৰ সম্ভেদ লাভ কৰি অভিযুক্ত বাহনৰ চালক আৰু বাবু নামৰ যুৱকজনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ৷ গাড়ী ভাড়ালৈ লোৱা যুৱক পবিত্ৰ শৰ্মা বৰ্তমানেও পলাতক ৷ পবিত্ৰ শৰ্মাক আটক কৰিলেই সকলো ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

অসমৰ পৰা বহিঃৰাজ্যলৈ নিয়া চুৰি বাহন উদ্ধাৰ আৰক্ষীৰ...
কোকৰাঝাৰত নিষিদ্ধ ঘোষিত সংগঠনৰ পতাকা ৰাখি থৈ গ'ল অজ্ঞাত দুষ্কৃতিকাৰীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in