চাৰিলেনযুক্ত পথত গছপুলি ৰোপণৰ নামত লুণ্ঠন

গহপুৰৰ চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ কৰ্মকাণ্ডত চকু কপালত উঠিছে গহপুৰীয়াবাসীৰ

author-image
Asomiya Pratidin
New Update
চাৰিলেনযুক্ত পথত গছপুলি ৰোপণৰ নামত লুণ্ঠন

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ কৰ্মকাণ্ডত চকু কপালত উঠিছে গহপুৰীয়াবাসীৰ ৷ চাৰিলেনযুক্ত পথৰ মাজত গছপুলি ৰোপণৰ নামত দ্বায়িত্বত থকা কোম্পানীটোৱে টকা লুটিবলৈকে মাত্ৰ নিয়মমাফিক কাম কৰিছে।

Advertisment

দায়িত্বত থকা ডি চি চি নামৰ কোম্পানীটোৱে গহপুৰৰ চাৰিলেনযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ডিভাইডাৰৰ মাজত পেলোৱা চেণ্ড গ্ৰেভেল খান্দি গছ পুলি ৰোপণ কৰি সামৰিব বিচাৰিছে দায়িত্ব৷ এইক্ষেত্ৰত শিল-বালিৰ পৰিৱৰ্তে মাটি দিবলৈ সচেতন ৰাইজে বাৰম্বাৰ অনুৰোধ কৰিছে যদিও তাক আওকান কৰি দায়িত্ব সামৰিবলৈ কৰা এই কামত অসন্তুষ্ট স্থানীয় ৰাইজ ৷

সূৰ্য্যৰ প্ৰখৰ ৰ'দত বালিত এটা গছপুলি ঠন ধৰাৰ বিপৰীতে দুদিনতে শুকাই যাব সেইটো নিশ্চিত ৷ সেইহে এই কোম্পানীটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবী গহপুৰীয়াবাসীৰ।

Also Read: তিতাবৰত চাইকেল চোৰক আটক কৰি আৰক্ষীক চমজাই দিলে ৰাইজে

GOVT OF ASSAM