তিতাবৰত চাইকেল চোৰক আটক কৰি আৰক্ষীক চমজাই দিলে ৰাইজে

তিতাবৰৰ বোকাহোলা চাহ বাগিচাত চাইকেল চোৰক কৰায়ত্ব কৰে ৰাইজে। বিগত কিছুদিন ধৰি চাহ ফেক্টৰীত কাম কৰিবলৈ অহা শ্ৰমিকৰ হেৰাই আছিল চাইকেল।

author-image
Asomiya Pratidin
New Update
তিতাবৰত চাইকেল চোৰক আটক কৰি আৰক্ষীক চমজাই দিলে ৰাইজে

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ বোকাহোলা চাহ বাগিচাত চাইকেল চোৰক কৰায়ত্ব কৰে ৰাইজে। বিগত কিছুদিন ধৰি চাহ ফেক্টৰীত কাম কৰিবলৈ অহা শ্ৰমিকৰ হেৰাই আছিল চাইকেল।

Advertisment

পাছত শ্ৰমিকৰ সন্দেহ ওপজাত ফেক্টৰীৰ CCTV ৰ ফুটেজ পৰীক্ষা কৰি ফেক্টৰীটোৰে বুতু গগৈ নামৰ এজনে কৰ্মচাৰীৰে চাইকেল লৈ যোৱাৰ দৃশ্য ধৰা পৰে।তাৰপিছতে শ্ৰমিকসকলে বুতুক কৰায়ত্ব কৰি বাগিচাৰ কাৰ্যালয়ত আবদ্ধ কৰি ৰাখে।

আটকাধীন বুতু গগৈক ৰাইজে সোধ-পোছ কৰাত শ্ৰমিকৰ চাইকেল চুৰি কৰি নিয়াৰ কথা স্বীকাৰ কৰে। ইয়াৰ পাছতে ৰাইজে তিতাবৰ আৰক্ষীক গতাই দিয়ে চাইকেল চোৰ বুতুক।

Also Read: লামডিং ৰে'লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট

Assam police