গহপুৰত ককিলাগুৰি ৰাইজে পালন কৰিলে বিহু উৰুৱা পৰম্পৰা...

বহাগ বিহুৰ সপ্তম নাইবা নৱম দিনটোত গহপুৰৰ ককিলাগুৰি ৰাইজে পালন কৰে বিহু উৰুৱা পৰম্পৰা। ককিলাগুৰি গাঁৱত বসবাস কৰা আহোম সম্প্ৰদায়ৰ লোকসকলে অতিজৰ দিনৰে পৰা সমিল-মিলেৰে গৰু বিহুৰ দিনটোৰে পৰা হুচৰি আৰু বিহু মৰা কাৰ্য আৰম্ভ কৰে

author-image
Asomiya Pratidin
New Update
গহপুৰত ককিলাগুৰি ৰাইজে পালন কৰিলে বিহু উৰুৱা পৰম্পৰা...

ডিজিটেল সংবাদ, গহপুৰঃ বহাগ বিহুৰ সপ্তম নাইবা নৱম দিনটোত গহপুৰৰ ককিলাগুৰি ৰাইজে পালন কৰে বিহু উৰুৱা পৰম্পৰা। ককিলাগুৰি গাঁৱত বসবাস কৰা আহোম সম্প্ৰদায়ৰ লোকসকলে অতিজৰ দিনৰে পৰা সমিল-মিলেৰে গৰু বিহুৰ দিনটোৰে পৰা হুচৰি আৰু বিহু মৰা কাৰ্য আৰম্ভ কৰে।

Advertisment

প্ৰচলিত নিয়ম অনুসৰি প্ৰথমতে গাঁওখনৰ গাঁওবুঢ়া, বৰওজা, সৰুওজা আৰু মহৰিৰ ঘৰত হুচৰি বিহু মৰাৰ পাছত গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ ঘৰত হুচৰি বিহু গোৱা হয়। গাঁওখনৰ অন্তিমটো পৰিয়ালয়ৰ ঘৰত হুচৰি আৰু বিহু গোৱাৰ পাছত উক্ত ঘৰতে ভোজৰ ব্যৱস্থা কৰি কেতবোৰ নিয়ম সম্পাদন কৰা হয়।

দীঘলতি, মাখিলতি, লাইজাবৰি, হালধি, থেকেৰা, জাতিলাওৰ টুকুৰা, টিকনি পৰুৱা, কুটনি, ফুল, বাহৰ লেচকনিকে ধৰি কেইপদমান বিহু সামগ্ৰী সজ্জিত এটা টোপোলা ৰাইজে নিৰ্বাচিত কৰা বিশেষ ব্যক্তিয়ে শোভাযাত্ৰাৰে বিহু উৰুৱা স্থানলৈকে নিয়ে। উল্লেখ্য যে ৰাইজে পূৰ্বতে ঠিৰাং কৰি থোৱা স্থানলৈকে ঢোল, তাল, পেঁপা, বাঁহী, গগণা, টকাৰ এক বিশেষ চেৱেৰে বিহু উৰুৱা টুপুলাটো অনা হয়।

নিৰ্দিষ্ট স্থানৰ এজোপা বৃক্ষৰ তলত বিহুৰ টুপুলা উৎসৰ্গা কৰাৰ লগতে গছজোপাক এখন বিহুৱান পিন্ধাই ৰাইজে সেৱা জনায়। উক্ত নিয়ম পালনৰ পাছতে গাঁওখনৰ বয়োজ্যষ্ঠৰ পৰা ধৰি কন কন শিশুলৈকে সকলোৱে একেইলগে তিনিটা হুচৰি পদ গোৱাৰ পাছত বিহু মাৰি বছৰটোৰ বাবে বিহুক বিদায় জনায়।

Also Read: খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰঃ অসমলৈ স্থানান্তৰ...

#BIHUFAREWELL #BIHUEND