/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/16cf517e-d2b8-44cf-aa85-6865253c4a6c/amrit.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰ ৷ ৩৭ দিনে পলায়নৰ অন্তত দেওবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে খালিস্তানী নেতা অমৃত পাল সিঙে ৷ ১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীৰ পৰা পলায়ন কৰি আছিল অমৃত পালে ৷
পঞ্জাৱৰ মুগাত আত্মসমৰ্পন কৰিছে "ৱাৰিছ পঞ্জাৱ দে"ৰ সংগঠনটোৰ নেতাগৰাকীয়ে ৷ ৰাজ্যখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই সকলোকে শান্তি-শৃংখলা অটুত ৰাখিবলৈ আহ্বান জনাইছে ৷ লগতে ভুৱা বাতৰি প্ৰতাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে টুইটযোগে আহ্বান জনাইছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/39a1ba3b-c0cf-4485-962a-f027c6bb8049/20bbad80_a2de_4f84_81e5_e76a0774fee6.jpg)
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মোগা জিলাৰ ৰোডে গাঁৱৰ এটা গুৰুদ্বাৰাত আত্মসমৰ্পণ কৰিছে অমৃত পালে ৷ গ্ৰেপ্তাৰৰ পিছতেই খালিস্তানী নেতাগৰাকীক অসমৰ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লখ্য যে ৰাজ্যখনৰ আজনালা থানাৰ পৰা এজন সতীৰ্থক অস্ত্ৰ-শস্ত্ৰ লৈ বলপূৰ্বকভাবে উলিয়াই লৈ গৈছিল অমৃত পাল আৰু তেওঁৰ সহযোগীসকলে ৷ তেতিয়াৰে পৰা পঞ্জাৱ আৰক্ষীৰ তালাচত আছিল খানিস্তানী নেতাগৰাকী ৷
#AmritpalSingh arrested in Moga, Punjab.
Further details will be shared by #PunjabPolice
Urge citizens to maintain peace and harmony, Don't share any fake news, always verify and share.— Punjab Police India (@PunjabPoliceInd) April 23, 2023
Also Read: শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি...