অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ আটক ৮ গৰু বেপাৰী, পলাটক মহলদাৰ

মহলদাৰ হলিৰাম দাসক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ অভিযান। গহপুৰ সাপ্তাহিক বজাৰৰ পৰা খোজকঢ়াই নিয়া দুই শতাধিক গৰু জব্দ আৰক্ষীৰ...

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিৰ প্ৰভাৱঃ আটক ৮ গৰু বেপাৰী, পলাটক মহলদাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ অন্তৰ্গত গহপুৰ পৌৰসভাৰ অধীনত পৰিচালিত হৈ অহা গহপুৰ সাপ্তাহিক বজাৰত সম্পূৰ্ণ নীতিবৰ্হিভূতভাবে চলি অহা গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে অসমীয়া প্ৰতিদিন ডিজিটেলৰ লগতে অসমীয়া প্ৰতিদিনৰ সোমবাৰৰ সংখ্যাত এক তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ পোৱাৰ পিছতে গৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সোমবাৰৰ পুৱাৰে পৰা জোৰদাৰ অভিযান চলাইছে বিশ্বনাথ জিলাৰ আৰক্ষীয়ে। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাষীশ বৰুৱাৰ নিৰ্দেশত অতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্য্যলয়) কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানক লৈ যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Advertisment

"হুছেইন-হক-আলী-আনছাৰী-শ্বেখ আদিৰ নেতৃত্বত উত্তৰ অসমত চলিছে গো-ধনৰ বজাৰ","গৰু ছিণ্ডিকেটৰ ঘাটি গহপুৰ সাপ্তাহিক বজাৰ","মহলদাৰ হলিৰাম দাসৰ বিৰুদ্ধে দুগুণ খাজনা লোৱাৰ অভিযোগ","ৰাষ্ট্ৰীয় ঘাইপথেৰ ভোকে-পিয়াহে খোজকঢ়াই নিয়ে হেজাৰ হেজাৰ গৰু" শিৰোনামাৰে প্ৰকাশিত বাতৰিত গহপুৰ সাপ্তাহিক বজাৰৰ মহলদাৰ হলিৰাম দাসৰ ছত্ৰছায়াত যোৱা ৮/৯ মাহ ধৰি বজাৰখনত চলি অহা গৰুৰ ছিণ্ডিকেতে গহপুৰ মহকুমাৰ সুস্থ পৰিৱেশ কেনেদৰে বিষময় কৰি আহিছে সেই বিষয়ে অসমীয়া প্ৰতিদিনত বাতৰি প্ৰকাশ পোৱাৰ পিছত এতিয়া বিপদ ঘণ্টা বাজিছে মহলদাৰ হলিৰাম দাসৰ।

জানিব পৰামতে গহপুৰ সাপ্তাহিক বজাৰত গৰু ছিণ্ডিকেটৰ পোহাৰ মেলা মহলদাৰ হলিৰাম দাসক গ্ৰেপ্তাৰ কৰিবলৈ সোমবাৰে পুৱাৰে পৰা আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছে যদিও মোবাইল বন্ধ কৰি আত্মগোপন কৰি আছে তেওঁ। ইপিনে উক্ত গৰু ছিণ্ডিকেটৰ লগত জড়িত ৮ জনকৈ গো-মাফিয়াক আটক কৰে আৰক্ষীয়ে। বিশ্বনাথ জিলাৰ বিভিন্ন ঠাইৰ পৰা আটক কৰা গো-মাফিয়া ৮ জনক অধিক তথ্যৰ বাবে জেৰা চলাই আছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, গহপুৰ সাপ্তাহিক বজাৰৰ পৰা প্ৰতি দেওবাৰে প্ৰায় ১৫০০/২০০০ গৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে অতি নিৰ্দয় ভাবে প্ৰায় ৯০/১০০ কিলোমিটাৰ দুৰত্ব খোজকঢ়াই নি গো-ধনৰ এক ৰমৰমীয়া বেপাৰ চলাই আহিছিল এটা চক্ৰই।

একাংশ মুছলমান সম্প্ৰদায়ৰ বেপাৰীয়ে ভোকে পিয়াহে মাৰি পিটি খোজকঢ়াই নিয়া এই গৰু সৰবৰাহ বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ আজিৰ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাতৰিটোৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল। আৰক্ষীয়ে সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথেৰ খোজকঢ়াই নি থকা দুই শতাধিক গৰু জব্দ কৰি যাৱতীয় ব্যৱস্থা কৰিছে।এ ই গৰুখিনি গহপুৰ সাপ্তাহিক বজাৰৰ পৰা নি দেওবাৰৰ নিশা বুৰৈঘাটত ৰখোৱাৰ পিছত সোমবাৰে পুনৰ খোজকঢ়াই নি থকা অৱস্থাত বিহালী আৰু জিনজিয়া আৰক্ষীয়ে জব্দ কৰে।

গহপুৰ পৌৰসভা কাৰ্যালয়ে গহপুৰ সাপ্তাহিক বজাৰৰ বিপৰীতে মহলদাৰ হলিৰাম দাসৰ নামত মঞ্জুৰ কৰা জন্তু বিক্ৰীৰ খাজনা ৰছিদত উল্লেখ থকা খাজনাৰ পৰিমাণতকৈ দুগুণ বেছিকৈ খাজনা সংগ্ৰহ কৰি অহা মহলদাৰ হলিৰাম দাসৰ বিৰুদ্ধে এক দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত কৰাৰ দাবী জনাইছে আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰৱিদাসে। তথ্য অনুসৰি-৩৫০১ টকাৰ ওপৰত বিক্ৰী হোৱা এটা গৰুৰ বাবদ খাজনা ল'ব লাগে ২২০ টকাকৈ।কিন্তু হলিৰাম দাসে তেনে গৰুৰ বাবদ লৈ আহিছিল ৪৫০ টকাকৈ। সেই হিচাপত মহলদাৰ হলিৰাম দাস আৰু সংশ্লিষ্ট কতৃপক্ষই এটা সপ্তাহত ৩,৫০,০০০ ৰ পৰা ৪,৫০,০০০ টকা গৰুৰ খাজনাৰ নামত অবৈধ ভাবে আহৰণ কৰি আহিছিল।

হলিৰাম দাসে অবৈধ উপায়েৰে প্ৰতি দেওবাৰে সংগ্ৰহ কৰি অহা ৩,৫০,০০০ৰ পৰা ৪,৫০,০০০ টকাৰ ওপৰত এক তদন্তৰ পোষকতা কৰি আটছা নেতা নিলোৎপল ৰবিদাসে হলিৰাম দাসৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ দাবী আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়। লক্ষণীয় কথা এয়ে যে খাজনা ৰছিদত গৰু কিনোতা, বেচোতা আৰু সাক্ষীৰ সম্পূৰ্ণ নাম ঠিকনা লিখাটো বাধ্যতামূলক যদিও গহপুৰ সাপ্তাহিক বজাৰৰ গৰুৰ খাজনা ৰছিদত নিলিখে কিনোতা, বেচোতা আৰু সাক্ষীৰ সম্পূৰ্ণ ঠিকনা। খাজনা ৰছিদত এনেদৰে অসম্পূৰ্ণকৈ ঠিকনা লিখা ব্যৱস্থাই বজাৰখনত গৰু বেপাৰৰ নামত চলি অহা দুই নম্বৰী কাৰবাৰৰ দিশটো উন্মোচিত কৰি তুলিছে।

গহপুৰ সাপ্তাহিক বজাৰখনত গৰুৰ ছিণ্ডিকেট চলাই অহা মহলদাৰ হলিৰাম দাসৰ প্ৰতি অহেতুক দৰদ দেখুৱাই আহিছে গহপুৰ পৌৰসভাই। ভুৱা ৰছিদ আৰু ভুৱা চালানেৰে গহপুৰ সাপ্তাহিক বজাৰৰ পৰা গৰু বিক্ৰী কৰি অহাৰ বাবে ২০২১ চনৰ ২৭ ডিচেম্বৰত ৩৯০/২১ নং গোচৰ মৰ্মে ভাৰতীয় দণ্ডবিধী আইনৰ ৪২০ ধাৰাত গহপুৰ আৰক্ষী থানাত হলিৰাম দাসৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছিল। তেতিয়াও তেওঁ গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছিল। পিছত আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লৈ গহপুৰ থানাত হাজিৰ হৈছিল হলিৰাম দাস। এইগৰাকী বহু বিতৰ্কিত মহলদাৰ হলিৰাম দাস কি ৰহস্যজনক কাৰণত গহপুৰ পৌৰসভাৰ বাবে হিয়াৰ আমঠু স্বৰূপ সেয়া অতি বিচাৰ্য্যৰ বিষয়।

উল্লেখযোগ্য যে, গহপুৰ সাপ্তাহিক বজাৰৰ চলিত বৰ্ষৰ নিবিদাৰ গ্ৰহণৰ প্ৰক্ৰিয়া গহপুৰ পৌৰসভাই যোৱা মাৰ্চ মাহত অনুষ্ঠিত কৰিব লাগিছিল। যিহেতু যোৱা মাৰ্চ মাহত কোনো ধৰণৰ জৰুৰীকালীন সময় নাছিল, সেইবাবে নিবিদা অনুষ্ঠিত কৰাতো নিয়ম আছিল যদিও গহপুৰ পৌৰসভাই ৰহস্যজনক কাৰণত উক্ত সাপ্তাহিক বজাৰৰ বাবে অনুষ্ঠিত নকৰিলে নিবিদা গ্ৰহণৰ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে গহপুৰ পৌৰসভাই গৰু ছিণ্ডিকেটৰে জড়িত বিতৰ্কিত মহলদাৰ হলিৰাম দাসকে বজাৰখনৰ নিবিদাৰ ম্যাদ বৃদ্ধি কৰি দিয়ে।বাৰে বাৰে গহপুৰ সাপ্তাহিক বজাৰখনক বদনামী কৰি অহা মহলদাৰ হলিৰাম দাসৰ প্ৰতি গহপুৰ পৌৰসভাই দেখুৱাই অহা অহেতুক দৰদৰ কাৰণ জনা সকলে কিন্তু ভালদৰে জানে। ইমানৰ পিছতো যদি হলিৰাম দাসক গহপুৰ পৌৰসভাই বৰপীড়া পাৰি দিয়ে তেন্তে গহপুৰ পৌৰসভাৰ বিৰুদ্ধে যে ক্ষোভৰ উদ্গীৰণ ঘটিব সেয়া কিন্তু এশ শতাংশ নিশ্চিত।

Also Read: প্ৰসংগ- ২.৫ কোটি টকাঃ ৪দিনৰ আৰক্ষী জিম্মালৈ ধুবুৰী জিলা পৰিষদৰ দুই বিষয়া

Assam police