গহপুৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত...

গহপুৰ শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ উপেন গোস্বামীয়ে বন্তী প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰাই গহপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে ।

author-image
Asomiya Pratidin
New Update
গহপুৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত...

দ্বি-বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

ডিজিটেল সংবাদ, গহপুৰঃ অসম সাহিত্য সভাৰ দ্বাৰা স্বৰ্ণ শাখা হিচাপে স্বীকৃতি প্ৰাপ্ত গহপুৰ শাখা সাহিত্য সভাৰ কাৰ্যালয় দেওবাৰে মুকলি কৰা হয় । উক্ত দিনাখনেই শাখাটোৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাৰ অনুষ্ঠিত হয়।

Advertisment

শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ উপেন গোস্বামীয়ে বন্তী প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰাই গহপুৰ শাখা সাহিত্য সভাৰ নৱ নিৰ্মিত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে।গহপুৰ শাখা সাহিত্য সভাৰ সদস্যাসকলে চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক সমবেত সংগীত পৰিৱেশন কৰে । ইয়াৰ পিছতে শাখা সাহিত্য সভাৰ সভাপতি বকুল ফুকনৰ সভাপতিত্বত দ্বি-বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰা হয়।

 দ্বি-বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
দ্বি-বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

শাখা সম্পাদক চম্পক গগৈয়ে আঁত ধৰা সভাখনত গহপুৰৰ প্ৰথম গৰাকী মহিলা প্ৰশাসনিক বিষয়া নমিতা বৰাক গহপুৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইয়াৰ সামন্তৰালকৈ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰা গহপুৰৰ সেউজপাৰৰ নিৱাসী পদ্মেশ্বৰ ভূঞাৰ পুত্ৰ তথা মৰ্নিং ষ্টাৰ হাইস্কুলৰ ছাত্ৰ পাৰ্থপ্ৰতীম ভূঞা আৰু কলাবাৰী কলিতাগাঁৱৰ নিৱাসী মনমোহন ভূঞাৰ কন্যা তথা গহপুৰ টাউন স্কুলৰ ছাত্ৰী ষড়ংগনা ভূঞাকো গহপুৰ শাখা সাহিত্য সভাই সম্বৰ্ধনা জ্ঞাপন কৰে।

উক্ত সভাতে বিনন্দী পাতিৰিয়ে লিখা "পঢ়াশলীয়া অভিধান" শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা মহকুমা দণ্ডাধীশ নমিতা বৰা ডেকাই ।

গহপুৰ শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সভাখনত অসম সাহিত্য সভাৰ লগতে বিশ্বনাথ জিলা সাহিত্য সভাৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে উক্ত সভাতে গহপুৰ শাখা সাহিত্য সভাৰ নতুন সমিতিৰ বিষয়ববীয়া নিৰ্বাচন কৰা হয়।

Also Read: জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা...

gohpur sakha sahitya sabha