জামুগুৰিহাটত গাঞ্জাসহ সৰবৰাহকাৰীক আটক

জামুগুৰিহাটত গাঞ্জাসহ সৰবৰাহকাৰীক আটক

জামুগুৰিহাটৰ চৰ অঞ্চলৰ চিৰুৱানী চাপৰি তিনিআলিৰ পৰা গাঞ্জাসহ আটক কৰে সৰবৰাহকাৰীজনক

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটত ৩ কিলোগ্ৰাম গাঞ্জাসহ সৰবৰাহকাৰীক আটক কৰিছে স্থানীয় আৰক্ষীয়ে ৷ ধৃত সৰবৰাহকাৰীজনৰ নাম আচিফ হুছেইন বুলি জানিবলৈ দিয়ে ৷

এক বিশেষ সূত্ৰৰ পমখেদি জামুগুৰিৰ আৰক্ষীয়ে শনিবাৰে নিশা জামুগুৰিহাটৰ চৰ অঞ্চলৰ চিৰুৱানী চাপৰি তিনিআলিৰ পৰা গাঞ্জাসহ আটক কৰে সৰবৰাহকাৰীজনক ৷ আৰক্ষীয়ে ধৃত আচিফ হুছেইনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি জে'ল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ৷

উল্লেখ্য যে পূৰ্ব্বেও জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ চৰাঞ্চলৰ পৰা কেইবাজনো গাঞ্জা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ল হাজোত লৈ প্ৰেৰণ কৰিছিল ৷

জামুগুৰিহাটত গাঞ্জাসহ সৰবৰাহকাৰীক আটক
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : চলিত পৰ্যটন বৰ্ষত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in