কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : চলিত পৰ্যটন বৰ্ষত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা

পৰ্যটন বিভাগৰ উদাসীনতা,নতুনত্বহীনতাৰ বাবেই ক্ৰমাৎ কাজিৰঙাত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : চলিত পৰ্যটন বৰ্ষত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাত চলিত পৰ্যটন বৰ্ষ অৰ্থাৎ ২০২৩-২৪ পৰ্যটন বৰ্ষত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা। বিগত বৰ্ষতকৈ এইবেলি পৰ্যটকৰ সংখ্যা অধিক হ'ব বুলি আশা কৰা হৈছিল যদিও বাস্তৱত বৰ্তমানলৈ ইয়াৰ বিপৰীত ছবিহে পোহৰলৈ আহিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই শেহতীয়াকৈ পৰ্যটকৰ তথ্য প্ৰকাশ কৰাৰ পিছতেই স্পষ্ট হৈ পৰিছে এই কথা। তথ্য অনুসৰি ২০২২-২৩ পৰ্যটন বৰ্ষ অৰ্থাৎ যোৱাটো পৰ্যটন বৰ্ষৰ প্ৰথম চাৰিটা মাহত পৰ্যটকৰ সংখ্যা আছিল ক্ৰমে অক্টোবৰ-১৪,৪৯০, নৱেম্বৰ-৪০,৪৭০, ডিচেম্বৰ-৬৪,৪২৩ আৰু জানুৱাৰী-৫৩,৫২০। ইয়াৰ বিপৰীতে চলিত পৰ্যটন বৰ্ষত উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ক্ৰমে অক্টোবৰ-১৭২২১, নৱেম্বৰ-৩৫, ০০৬, ডিচেম্বৰ-৬৫, ১৩৯ আৰু জানুৱাৰী-৫৩, ৯৫৭গৰাকী।

বিগত বৰ্ষৰ প্ৰথম চাৰিটা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা পৰ্যটকৰ মুঠ সংখ্যা আছিল ১,৭২,৯০৩(এক লাখ বাসত্তৰ হাজাৰ ন শ তিনি) আৰু চলিত পৰ্যটন বৰ্ষৰ প্ৰথম চাৰিটা মাহত পৰ্যটকৰ সংখ্যা হৈছে ১,৭১,৩৭৩(এক লাখ এসত্তৰ হাজাৰ তিনি শ তেসত্তৰ)জন। অৰ্থাৎ চলিত পৰ্যটন বৰ্ষৰ প্ৰথম চাৰি মাহত কাজিৰঙাত বিগত বৰ্ষতকৈ ১৫৩০ গৰাকী পৰ্যটক কমকৈ আহিছে।

এই সংখ্যাই এতিয়া স্বাভাৱিকতে চিন্তিত কৰি তুলিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত ব্যৱসায়ী তথা সচেতন মহলক। জীপ, হাতী, ল'জ, হোটেল, ৰেষ্টুৰেন্ট ব্যৱসায় পূৰ্বৰ বৰ্ষতকৈ কিছু সমেকা বুলি জানিব পৰা গৈছে।কাজিৰঙাৰ একাংশ পৰ্যটন উদ্যোগীৰ মতে পৰ্যটন বিভাগৰ উদাসীনতা, নতুনত্বহীনতাৰ বাবেই ক্ৰমাৎ কাজিৰঙাত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা।

যি ধৰণে ৰাজ্যৰ পৰ্যটন বিভাগ কাজিৰঙাত কেৱল নামতহে আছে বুলিও ক্ষোভ ব্যক্ত কৰে পৰ্যটন ব্যৱসায়ীসকলে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা কাজিৰঙাত কেৱল জীপ চাফাৰী, হাতী চাফাৰী কৰিয়েই উভতি যাবলগীয়া হয় দূৰ দূৰণিৰ পৰা অহা দেশী-বিদেশী পৰ্যটক।

বন বিভাগে কিছু চেষ্টা অব্যাহত ৰাখিছে যদিও সেইয়া যথেষ্ট নহয়। কেৱল যেন প্ৰচাৰতে দায়িত্ব শেষ ৰাজ্যৰ বিয়াগোম পৰ্যটন বিভাগৰ। আশ্বৰ্যজনকভাৱে কাজিৰঙাত থকা পৰ্যটন বিভাগৰ আটাইকেইটা পৰ্যটন নিবাসত অব্যাহত আছে মেৰামতিৰ কাম।

পৰ্যটকৰ প্ৰথম পচন্দ বনানী, বনশ্ৰী, কুঞ্জবন পৰ্যটন নিবাসত এতিয়াও চলিছে মেৰামতি। পৰ্যটকৰ ভৰপক সময়ত পৰ্যটন নিবাস মেৰামতি কৰি চমক দেখুওৱা পৰ্যটন বিভাগক সেয়েহে নামতহে আছে বুলি স্থানীয় ৰাইজে ক্ষোভ উজাৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : চলিত পৰ্যটন বৰ্ষত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা
বসন্তৰ প্ৰাকক্ষণত বৰণ সলাইছে কাজিৰঙাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in