গহপুৰত কংগ্ৰেছৰ খহনীয়া : ভালেসংখ্যক নেতা-কৰ্মীৰ বিজেপিত যোগদান

গহপুৰত কংগ্ৰেছৰ খহনীয়া : ভালেসংখ্যক নেতা-কৰ্মীৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ,ছয়দুৱাৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰত কংগ্ৰেছৰ ভেটিত আন এক বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাৰ একালৰ প্ৰধান সেনাপতি তথা গহপুৰ সমষ্টিৰ ৩গৰাকী শীৰ্ষ কংগ্ৰেছ নেতা ক্ৰমে ঘন বৰুৱা, বিদ্যুৎ বিজয় বৰুৱা আৰু পৰাণ চলিহাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

নৰেন্দ্ৰ মোডী, হিমন্ত বিশ্ব শৰ্মা আৰু গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ কাম-কাজত সন্তুষ্ট হৈ ঘন বৰুৱাই বিজেপি দলত যোগদান কৰা বুলি মন্তব্য কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বৰুৱাই ৮০ দশকত এন এছ ইউ আইৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰাৰ উপৰিও ৫ বছৰ পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু ৩ বছৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

একেদৰে বিদ্যুৎ বিজয় বৰুৱাই ৫ বছৰ ছয়দুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সভাপতি,১০ বছৰ গহপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি,৩ বছৰ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। ইয়াৰোপৰি তেঁও বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

আনহাতে পৰাণ চলিহাই ৭ বছৰ ছয়দুৱাৰ ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ৩ বছৰ বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। ৰিপুন বৰা ক্ষমতাচ্যুত হোৱাৰ পিছতো কংগ্ৰেছ দলৰ কাৰ্য্যকৰ্তা হিচাপে সেৱা আগবঢ়াই অহা ঘন বৰুৱা, বিদ্যুৎ বিজয় বৰুৱা আৰু পৰাণ চলিহাই শেহতীয়াভাৱে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ খবৰে গহপুৰৰ ৰাজনৈতিক ক্ষেত্ৰত এক জোকাৰণিৰ সৃষ্টি কৰিছে।

গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ বাসগৃহত আজি অনুষ্ঠিত হোৱা এখন যোগদান সভাত তেওঁলোকে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱাই আঁত ধৰা সভাখনত উক্ত তিনি নেতাৰ উপৰিও টেটোনবাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী লাবণ্য ৰাজখোৱা, কল্যাণপুৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাক্তন আঞ্চলিক সদস্যা ফুলেশ্বৰী বৰদলৈ, কল্যাণপুৰ মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিকু বৰা প্ৰমুখ্যে অৰ্ধ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিধায়ক উৎপল বৰাৰ জৰিয়তে বিজেপি দলত যোগদান কৰে।

আজিৰ এই যোগদানৰ পিছত সমাগত লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই গহপুৰ বিধানসভা সমষ্টিত অভিলেখ সংখ্যক ভোট পোৱাটো নিশ্চিত হৈ পৰিছে।

গহপুৰত কংগ্ৰেছৰ খহনীয়া : ভালেসংখ্যক নেতা-কৰ্মীৰ বিজেপিত যোগদান
উন্নয়নৰ পক্ষে থাকিব আহোম জনগোষ্ঠীৰ ভোটাৰ,সংবাদমেলযোগে জনালে এই কথা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in