/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/40db64ba-1d27-43df-876a-4040d64f03d7/149.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : মহিলাসকলক সকলো দিশতে ইতিবাচক চিন্তাধাৰাৰে আগুৱাই নিয়াৰ লগতে বিপদত আৰ্তজনৰ কাষত থিয় দিয়া, দৰিদ্র পৰিয়ালৰ ছাত্র ছাত্রীসকলক বিদ্যায়তনিক দিশত সহায় কৰাৰ মহৎ উদ্যেশ্য আগত ৰাখি মহিলাসকলৰ দ্বাৰা পৰিচালিত "চাওছেং" নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ মঙলবাৰে জন্ম দিয়া হয় গহপুৰত। এই উপলক্ষে গহপুৰ নগৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ৰ চৌহদত থকা নিমিষা কিচ্চেনৰ সভাকক্ষত এখনি সভাৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3f2d7ba5-8b27-40a0-98c7-f37621f40f8d/2dab1e4f-9d1f-4c07-ab0a-7edffdcacba5.jpg)
উক্ত সভাত বিশিষ্ট শিক্ষাবিদ, লেখক তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজাই সভাপতিত্ব কৰে। গাম্ভীর্যপূর্ণ সভাখনত শিক্ষয়িত্রী প্ৰিয়াংষা হাজৰিকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a34ae217-2176-4554-875f-24842fd39520/8c6a121a-5fa8-4a9d-a3db-0a634a505f0f.jpg)
টেটোনপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ নীলমণি শৰ্মাই এন জি অ' এটাৰ লগত জড়িত মহিলাসকলে কেনেকুৱা কাম কাজ কৰিলে ৰাইজৰ মাজত সোমাই পৰাৰ লগতে সমাজলৈ বৰঙণি আগবঢ়াব পাৰিব তাৰ ওপৰত আলোকপাত কৰে। সদৌ অসম সাংবাদিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ভুৱন শইকীয়াই মহিলাসকলৰ এই সমাজ মুখী চিন্তাক শলাগ লোৱাৰ লগতে স্বেচ্ছাসেৱী সংগঠন এটা দীর্ঘদিন ৰাইজৰ মাজত আস্থা বিশ্বাসেৰে জীয়াই থাকিবলৈ হ'লে সংগঠনটোৰ লগত জড়িত লোক সকলৰ কি কি গুণৰ প্ৰয়োজন সেই সন্দৰ্ভত নিজৰ অভিজ্ঞতাৰ পৰা বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ff0bd07c-b93a-4712-a02e-f9a9a0e9c279/b2d1a52a-a803-44e7-a9ce-e138267905ca.jpg)
সভাত ড০ অঞ্জন কুমাৰ ওজা, নীলমণি শৰ্মা, বৰ্ণালী কটকী ওজা আৰু ভুৱন শইকীয়াক উপদেষ্টা হিচাপে লোৱা হয়। বিজুমনি বৰাক সভানেত্রী, প্ৰিয়ংশা হাজৰিকাক কাৰ্যকৰী সভানেত্রী, মিতালী কোঞৰক উপ সভানেত্রী, আগমনি সেনগুপ্তক সাধাৰণ সম্পাদিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/547c26b8-9e6b-4b2b-ae39-e0438b7cae9d/cc1c46c2-f924-4ba0-9c9e-1c1b065b8cd8.jpg)
একেদৰে মিতালী মোচাহাৰী, নিৰ্মালী শইকীয়াক সহকাৰী সম্পাদিকা, সবিতা হাজৰিকা, নিজৰা দেৱীক সাংস্কৃতিক সম্পাদিকা হিচাপে মৰমী সন্দিকৈ, মঞ্জু ভূঞা বৰা, কৰবী হাজৰিকাক লোৱা হয়। তাৰোপৰি কৰিশ্মা বৰা, প্ৰজ্বলিতা শৰ্মাক সাংগঠনিক সম্পাদিকা, লীনা শইকীয়া বৰাক তথ্য আৰু প্ৰচাৰ সম্পাদিকা,মিতালী দত্ত, পিংকু মনি বৰা, বৰ্ণালী শইকীয়াক কাৰ্যালয় সম্পাদিকা, মঞ্জু বৰা হাজৰিকা, নিমিষা কোঞৰক বিত্ত সম্পাদিকা হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰা হয়।
Also Read: পবিতৰাত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল মাউতৰ