/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3c594b53-0987-4ac0-86ef-4d84e0ec7c1a/z6.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ বুধবাৰৰ নিশাৰ ভাগত অহা বৰষুণৰ পিছতেই বানত বুৰ গৈছে গহপুৰ। নিশা অহা এজাক বৰষুণৰ পিছতেই চেচা নদীৰ মাথাউৰি ভঙাৰ ফলত বাঢ়নী পানীৰ কৱলত পৰিছে গহপুৰৰ কলবাৰী গাওঁ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহ।
বানৰ কৱলত পৰিছে কলাবাৰীৰ কলমৌগুৰি প্ৰাথমিক বিদ্যালয়ো। যাৰ ফলত বিদ্যালয়খনত পাঠদান স্থগিত ৰাখিবলগীয়া হৈছে বিদ্যালয় কৰ্তৃপক্ষয়। গহপুৰৰ নৱপুৰ, বিষ্ণুপুৰ , কলমৌগুৰি আদি অঞ্চলো এই বাঢ়নি পানীৰ কৱলত পৰা পৰিলক্ষিত হৈছে।
Also Read: মহানগৰীত ভূমিস্খলনঃ কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ...