বিশ্বনাথত মাছমৰীয়াৰ উত্তাল প্ৰতিবাদ

বিশ্বনাথত মাছমৰীয়াৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ,বিহালী : বুধবাৰে বিশ্বনাথ আঞ্চলিক ব্ৰহ্মপুত্ৰ মৎস্যজীৱি সমিতিৰ উদ্যোগত বিশ্বনাথৰ মৎস্যজীৱিসকলে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ প্ৰায় ১১ বজাৰ পৰা প্ৰায় ২ দুঘণ্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দীৰ্ঘদিনৰে পৰা ব্ৰহ্মপুত্ৰ নদীত মাছ চিকাৰ কৰা কাৰ্য বন্ধ কৰাৰ প্ৰতিবাদত ''বিশ্বনাথ আঞ্চলিক ব্ৰহ্মপুত্ৰ মৎস্যজীৱি সমিতি''ৰ শতাধিক মাছমৰীয়া সদস্যই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মাছ মৰাৰ অনুমতি দাবী কৰে ৷

সমিতিৰ অভিযোগ যে, নৈপৰীয়া সভ্যতা-সংস্কৃতিৰে আজন্ম পৰিচিত মাছমৰীয়াসকলক ব্ৰহ্মপুত্ৰ নদীত মাছ মৰা অনুমতি প্ৰদান নকৰাৰ ফলত মাছমৰীয়াসকলৰ জীৱন-জীৱিকা পৰিচালনাৰ ক্ষেত্ৰত ভীষণ অভাৱ,জটিল সমস্যা সৃষ্টি হৈছে ৷ বিশ্বনাথ জিলা আয়ুক্তক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা মাছমৰীয়া প্ৰতিবাদকাৰীসকলে হাতে-হাতে ফেষ্টুনলৈ ''আমাৰ অধিকাৰ ঘূৰাই দিয়ক'' , ''আমাৰ পূৰ্বপুৰুষৰ বৃত্তি বন্ধ কৰি আমাক পংগু নকৰিব'', ''তেজ দিম নদী নিদিম'' আদি শ্ল'গানৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ উত্তাল কৰে ৷

আনহাতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীতে ক্ষোভ প্ৰকাশ কৰি কয় যে, আমাৰ আজন্ম অধিকাৰ তথা পূৰ্বপুৰুষৰ বৃত্তিৰে জীৱন-যাপনৰ অধিকাৰ নিদিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰিব ৷ মাছমৰীয়াসকলে বিশ্বনাথ আয়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ সাৱস্ত কৰি ন্যায়প্ৰাপ্য অধিকাৰ লাভ নকৰিলে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণৰো ভাবুকি প্ৰদান কৰে ৷

উল্লেখ যে , অসম চৰকাৰে কাজিৰঙা অভয়াৰণ্যৰ সুৰক্ষাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত মৎস্য চিকাৰ কাৰ্যত বাধা আৰোপ কৰি আহিছে ৷ ফলত যুগে-যুগে মাছ চিকাৰ কৰি জীৱন নিৰ্বাহ কৰি অহা মাছমৰীয়া পৰিয়ালৰ অৱস্থা পানীত হাঁহ নচৰা দৰে গতি হৈছে ৷

এক কথাত, মৎস্য চিকাৰ কৰি প্ৰতিটো দিন চলোৱা পৰিয়াললৈ অন্ধকাৰ নামি আহিছে। যাৰফলত আজি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপায়ন্তৰ হৈ মাছমৰীয়াসকলে প্ৰতিবাদত নামিব লগা পৰিস্থিতি উদ্ভৱ হৈছে ৷

প্ৰতিবাদকাৰীসকলৰ দাবী- ব্ৰহ্মপুত্ৰ নদীত মৎস্য চিকাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰক বিজ্ঞান-প্ৰযুক্তি ব্যৱস্থা ৷ মাছমৰীয়াৰ নাৱত জি পি এছ সংযুক্ত কৰি পুনৰ মৎস্য চিকাৰ কৰা অনুমতি প্ৰদান কৰক ৷

গুৰুত্বপূৰ্ণ যে, বিশ্বনাথৰ মাছমৰীয়া সকলৰ জীৱন-জীৱিকাত দেখা দিয়া সমস্যা সামাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব নিদিলে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি স্পষ্ট কৰে ৷ সংগঠনটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰি বিশ্বনাথ জিলা আয়ুক্তৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ মাছমৰীয়াসকলৰ সমস্যা সমাধানৰ্থে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ লক্ষণীয় বিষয়টো হ'ল- এই প্ৰতিবাদত বিশ্বনাথৰ যথেষ্ট সংখ্যক বিজেপি কৰ্মীয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

বিশ্বনাথত মাছমৰীয়াৰ উত্তাল প্ৰতিবাদ
বিলাসীপাৰাত সাংস্কৃতিক মহাৰণৰ সমষ্টি ভিত্তিক প্রতিযোগিতাৰ সফল সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in