/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a595e679-bdc3-4615-a72b-cabbe8d4c837/454.jpg)
ডিজিটেল সংবাদ,ধুবুৰী : বুধবাৰে বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত বিলাসীপাৰা পূব বিধানসভা সমষ্টি ভিত্তিক সাংস্কৃতিক মহাৰণৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিমা পাণ্ডে সোৱঁৰণী প্ৰেক্ষাগৃহত নৃত্য আৰু গীতৰ মহাসংগ্ৰাম প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন অশোক কুমাৰ সিংহী উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ আৰু বঁটা প্ৰদান কৰে।
উল্লেখ্য যে, যোৱা ৫ ডিচেম্বৰৰ পৰা অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিলাসীপাৰা বিধানসভা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানটোত প্ৰায় ২২ খন গাঁও পঞ্চায়ত আৰু ২ খন পৌৰসভা পৰ্যায়ত সংগীত প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিখন পঞ্চায়তৰ পৰা ৩জনকৈ প্ৰতিযোগী মুঠ ৭২ জন নিৰ্বাচিত হৈছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8eba6860-7a1a-4436-b260-dc217b0ddfe3/54463dc7_0f28_4e36_9827_f5374731307e.jpg)
যোৱা ১৭ আৰু ১৮ ডিচেম্বৰত বিলাসীপাৰা পূব বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতাত এই সকল প্ৰতিযোগীয়ে নৃত্য আৰু গীত পৰিৱেশন কৰিছিল। আজি সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগীসকলক উৎসাহিত কৰি মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয় ।
বিজয়ী প্ৰতিযোগীসককল পৰৱৰ্তীকালত ধুবুৰী জিলা পৰ্য্যায়ত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব বুলি সংগীত মহাসংগ্ৰাম প্ৰতিযোগিতাৰ পৰিচালনা সমিতিৰ আহ্বায়ক কাজল দাসে জানিবলৈ দিয়ে । দাসে অনুষ্ঠানটিত সহযোগ কৰা বিচাৰক মণ্ডলী, বাদ্যযন্ত্ৰী শিল্পীসকললৈ ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/eb8d8b02-b46c-4f74-8b12-2e05eada5670/548fde3b_a4f0_426e_a1de_7b14f6f88c39.jpg)
উল্লেখ্য যে,সংগীত মহাসংগ্ৰাম প্ৰতিযোগিতাত জ্যোতি ,বিষ্ণু, ভূপেন্দ্ৰ, ৰবীন্দ্ৰ সঙ্গীত আৰু জনগোষ্ঠীয় নৃত্য সন্নিৱিষ্ট কৰা হৈছিল। সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী আৰু শাষকীয় দলীয় বিষয়ববীয়াসকলৰ অশেষ তৎপৰতাত সমষ্টি ভিত্তিক উক্ত কাৰ্য্যসূচীত লুকাই থকা প্ৰতিভা উলিয়াই আনি সফল ৰূপত সমাপন কৰিবলৈ সক্ষম হয়।
Also Read: প্ৰসংগ গহপুৰৰ হত্যাকাণ্ড : পুনৰ ৩দিনৰ আৰক্ষীৰ জিম্মাত তিনি অভিযুক্ত