বিশ্বনাথৰ নীলপুৰ চাহ বাগিছাৰ গুৱাটীমলা খেতিত ভয়ংকৰ অগ্নিকাণ্ড

বিশ্বনাথৰ নীলপুৰ চাহ বাগিছাৰ গুৱাটীমলা খেতিত ভয়ংকৰ অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ নীলপুৰ চাহ বাগিছাৰ গুৱাটীমলা খেতিত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, বিশ্বনাথঃ সোমবাৰে বিশ্বনাথ চাৰিআলি সদৰ থানাৰ সমীপৱৰ্তী নীলপুৰ চাহ বাগিছাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। বাগানৰ মাজত থকা গুৱাটীমলা খেতিৰ মাজত হঠাৎ সংঘটিত হয় এই অগ্নিকাণ্ড।

এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৬০ বিঘা মাটিত কৰা গুৱাটীমলা খেতি জ্বলি চাৰখাৰ হয়। বৰ্তমান ৩খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত কৰিথকা হৈছে।

আনহাতে এই অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ ক্ষতি হোৱা আকংশা কৰা হৈছে। বাগিছাৰ ৰাইজৰ সন্দেহ কোনো দুৰ্বৃত্বই এই খেতিত অগ্নি সংযোগ কৰিছে। কিন্তু বৰ্তমান সময়লৈকে এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

Also Read: কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ : এমাহত আগমন ৩৫ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ

biswanath