/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0c4d7135-bc1f-45c8-8290-0ab91a24e714/8.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই ৩০ দিনত কাজিৰঙালৈ আগমন ঘটিল ৩৫ হাজাৰ দেশী বিদেশী পৰ্যটকৰ ৷ যোৱা ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল জীপ ছাফাৰী ৷ ইয়াৰ পাছত যোৱা ১ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰী মুকলি কৰাৰ সামান্তৰালভাৱে অগৰাতলি বনাঞ্চলত মুকলি হয় জীপ ছাফাৰী ৷
শেহতীয়াকৈ যোৱা ১৫ নৱেম্বৰত বুঢ়াপাহাৰ বনাঞ্চলত মুকলি কৰা হয় জীপ ছাফাৰী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তথ্যমতে এই সময়চোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৩৫ হাজাৰ দেশী বিদেশী পৰ্যটকে৷ ইয়াৰে ১,২৮০ গৰাকী বিদেশী পৰ্যটক ৷
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে প্ৰথম ৩০ দিনত জীপ ছাফাৰীৰ পৰা সংগ্ৰহিত ৰাজহৰ পৰিমান ৭৫ লাখ আৰু হাতী ছাফাৰীত সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৪ লাখ ৷ আনহাতে ৰিভাৰ ডৰফিনৰ গইনা লৈ গঢ় লৈ উঠা ভোমোৰাগুৰিৰ নদী পৰ্যটনেও লাভ কৰিছে পৰ্যটকৰ সহাঁৰি৷
বৰ্তমান বিদেশী পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হৈ পৰিছে চাইক্লিং ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় বাঘকে ধৰি বিগ ফাইভ বিচৰণ প্ৰত্যক্ষ কৰি পৰ্যটকে সন্তুষ্টি প্ৰকাশ কৰিছে বুলি মত প্ৰকাশ কৰি কাজিৰঙাৰ ডি এফ অ’ অৰুণ ভিগনেশে প্ৰকাশ কৰে যে শীত নমাৰ লগে লগে কাজিৰঙালৈ আৰম্ভ হৈছে পৰিভ্ৰমী পক্ষীৰ আগমন ৷
Also Read: বিশাখাপট্টনমৰ ভিজাগ বন্দৰত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ'ল ২৫ খনকৈ নাও