কলিয়াবৰৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান

কলিয়াবৰৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ, কলিয়াবৰঃ বেচৰকাৰী খণ্ডত গঢ়ি উঠা শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোল কলিয়াবৰৰ এক অগ্ৰণী শিক্ষানুষ্ঠান। সদ্য ঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ১০০শতাংশ উৰ্ত্তীণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ৭০ গৰাকী কৃৰ্তি ছাত্ৰ ছাত্ৰীক শনিবাৰে এক বিশেষ অনুষ্ঠানত অভিনন্দন জনোৱা হয়।

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উত্তম কুমাৰ বৰুৱাই। ভাষণ প্ৰসংগত গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক চিন্তাৰ বিকাশ ঘটাবলৈ আহ্বান জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায়।

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বৰুৱাই সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই কয়– শিশু বিদ্যাপীঠে বিদ্যায়তনিক দিশত ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে তাৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাত আগ-ভাগ ল'ব।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত চলিত বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলিয়াবৰ মহকুমাৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা চে'ণ্ট ৰবাৰ্ট হাইস্কুল জখলাবন্ধাৰ ছাত্ৰী জেছিকা হাজৰিকাক শিক্ষাবিদ ৰেৱন চন্দ্ৰ নাথ স্মৃতি বঁটা প্ৰদান কৰা হয়।

আনহাতে, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ মৃণ্ময় শেখৰ শৰ্মাক সুস্মিতা ভূঞা স্মৃতি বঁটা প্ৰদান কৰা হয়। সম্পাদক মোহন শইকীয়াৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভা খনিত অধ্যক্ষা ৰাণু শইকীয়াই বিদ্যালয় খনৰ সফলতাৰ আলোকপাত কৰে। সভাৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতে সকলোকে মুগ্ধ কৰে।

কলিয়াবৰৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কুঁৱৰীটোলত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান
ৰঙিয়াৰ উত্তৰ হাহাৰা নকুছি আঞ্চলিক ব'হাগী সন্মিলনৰ ৰূপালী জয়ন্তী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in