তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী...

তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী...

author-image
Asomiya Pratidin
New Update
তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী...

তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী...

ডিজিটেল ডেস্কঃ এইবাৰ আৰক্ষীৰ জালত পৰিছে ভুৱা উপায়ুক্ত। তেজপুৰত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ভুৱা উপায়ুক্তক। কেৱল এজন ভুৱা উপায়ুক্তই নহয় তেওঁৰ লগত থকা এটা ৯ জনীয়া দলক আটক কৰিবলৈ সক্ষম হৈছে তেজপুৰ আৰক্ষী।

Advertisment

জানিব পৰা মতে তেজপুৰত আজি আবিৰ্ভাৱ ঘটিছিল এজন ভুৱা উপায়ুক্তৰ। নিজকে উপায়ুক্ত বুলি পৰিচয় দিয়া এই লোকজনৰ নাম অংকুৰ শইকীয়া। নিজকে উপায়ুক্ত হিচাপে চিনাকী দি তেজপুৰ চহৰৰ মাজমজিয়াত ঘূৰি আছিল অংকুৰ শইকীয়া।

অংকুৰ শইকীয়াৰ লগত আছিল দেহৰক্ষীও। আৰক্ষীয়ে ভুৱা উপায়ুক্ত অংকুৰ শইকীয়াৰ লগতে তেওঁৰ দেহৰক্ষী হিচাপে থকা ৯ জন লোককো আটক কৰিছে। আটকাধীন লোকসকলৰ তালিকাত আছে তেওঁৰ এজন চালক।

ইফালে শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী বুলি চিনাকী দিয়া দুজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Also Read: বিশ্বনাথত ১ কোটি ৫৬ লাখৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য দাহন...

তেজপুৰ