বিশ্বনাথত ১ কোটি ৫৬ লাখৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য দাহন...

বিশ্বনাথত ১ কোটি ৫৬ লাখৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য দাহন...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত ১ কোটি ৫৬ লাখৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য দাহন...

বিশ্বনাথত ১ কোটি ৫৬ লাখৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য দাহন...

ডিজিটেল সংবাদ বিশ্বনাথঃ আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি বিশ্বনাথ আৰক্ষীয়ে বিশ্বনাথৰ পানীভৰালস্থিত নিৰ্মীয়মান পুলিচ ৰিজাৰ্ভ চৌহদত জব্দকৃত নিচাযুক্ত দ্ৰব্য তথা ড্ৰাগছ,গাঞ্জা,হিৰইন আদি দাহন কাৰ্যসূচী গ্ৰহণ কৰে।

Advertisment

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যত এই কাৰ্যসূচী গ্ৰহন কৰিছিল। ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে পূৰ্বতেই এইখন চৌহদত কেইবাকোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী দহন কৰিছে।

তাৰ সমান্তৰালভাবে আজিও শেহতিয়াকৈ বিশ্বনাথ জিলা আৰক্ষীয়ে জিলাখনৰ অন্তৰ্গত বিভিন্ন থানাই জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ একগোট কৰি এইদৰে দহন কৰা হয়।উক্ত কাৰ্যসূচীত উপস্হিত থাকে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা,অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা,উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিৱানী,পৌৰ বিষয়া দেৱাশীষ গোস্বামীৰ লগতে আৱকাৰী বিভাগৰ দ্বীপেন বৰা, স্বাস্থ্য বিভাগৰ লোকসহ বহুতো বিষয়া কৰ্মচাৰী ৷

দাহন কৰা নিচাযুক্ত দ্ৰব্যসমূহৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৫৬ লাখ ৫২ হাজাৰ টকা হ'ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

Also Read: নিৰ্দয় মানুহৰ অত্যাচাৰত বৰপেটাত অপমৃত্যু হাজাৰ হাজাৰ কপৌ চৰাইৰ...

বিশ্বনাথ