স্বয়ম্ভু উপাযুক্ত অংকুৰক লৈ বিশালৰ ঘৰত অভিযানঃ ৰাইজৰ পহুখেদা...

স্বয়ম্ভু উপাযুক্ত অংকুৰক লৈ বিশালৰ ঘৰত অভিযানঃ ৰাইজৰ পহুখেদা...
স্বয়ম্ভু উপাযুক্ত অংকুৰক লৈ বিশালৰ ঘৰত অভিযানঃ ৰাইজৰ পহুখেদা...

ডিজিটেল সংবাদ জামুগুৰিঃ হিন্দী চিনেমাৰ কায়দাৰে নিজকে জিলা উপায়ুক্ত বুলি চিনাকি দি তেজপুৰত আৰক্ষীৰ হাতত গেপ্তাৰ হৈছিল গোলাঘাটৰ স্বয়ম্ভু উপাযুক্ত অংকুৰ শইকীয়া। অংকুৰ শইকীয়াৰ সৈতে গ্ৰেপ্তাৰ হৈছিল আন ৯ জন লোক।

মঙ্গলবাৰে নিশাৰ ভাগত তদন্তৰ খাতিৰত আৰক্ষীয়ে অংকুৰ শইকীয়াৰ লগত গেপ্তাৰ হোৱা জামুগুৰিহাটৰ শেনচোৱা গাঁওৰ বিশাল হাজৰিকাক লৈ তেওঁৰ বাসগৃহলৈ অভিযান চলাবলৈ আহে। সেই অভিযানৰ অন্তত গাওঁখনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।

স্বয়ম্ভু উপাযুক্ত অংকুৰ শইকীয়াক লগত লৈ বিশাল হাজৰিকাৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে৷ প্ৰতক্ষ্যদৰ্শীৰ মতে আৰক্ষীয়ে ভুৱা উপায়ুক্তৰ চিল মোহৰ আৰু প্ৰশাসনিক বিষয় সম্পৰ্কীয় কিতাপ পত্ৰৰ লগতে বিভিন্ন ভুৱা পৰিচয় পত্ৰও জব্দ কৰে৷

আৰক্ষীৰ দলটোৱে এই অভিযান সামৰি উভতাৰ সময়ত গাঁওখনৰ একাংশ ৰাইজে অংকুৰ হাজৰিকাই পতা প্ৰবঞ্চনাৰ জালখনত ভৰি দি বিশাল হাজৰিকা দৰে গাঁওখনৰ শিক্ষিত যুৱকে বদনামৰ ভাৰ ল'বলগীয়া হৈছে বুলি অভিযোগ কৰে। ইয়াৰোপৰি স্থানীয় ৰাইজে অংকুৰ শইকীয়াক দেখি ক্ষুন্ন হৈ পৰে আৰু তেওঁৰ ফালে খেদা মাৰি যায়। অৱশ্যে আৰক্ষীয়ে সেইসময়ত ততাতৈয়াকৈ সেই স্থানৰ পৰা স্বয়ম্ভু উপাযুক্ত অংকুৰ শইকীয়াক লৈ আঁতৰি যায়।

স্বয়ম্ভু উপাযুক্ত অংকুৰক লৈ বিশালৰ ঘৰত অভিযানঃ ৰাইজৰ পহুখেদা...
ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল মমতা বেনাৰ্জীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in