ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল মমতা বেনাৰ্জীয়ে...

ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল মমতা বেনাৰ্জীয়ে...
ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল মমতা বেনাৰ্জীয়ে...

ডিজিটেল ডেস্কঃ সেনাত যোগদান কৰিবলৈ বিচাৰিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দেশৰ ৰাজনৈতিক ক্ষেত্ৰতখনত অতি সক্ৰিয় তথা আজিৰ সময়ত দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক নেত্ৰী মমতা বেনাৰ্জীয়ে ৰাজনীতিলৈ অহাৰ কথা অথবা মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা নাছিল।

শৈশৱতে তেওঁ সেনাতহে যোগদান কৰাৰ সপোন দেখিছিল। এই কথা প্ৰকাশ কৰিছে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই। মংগলবাৰে সেৱক এয়াৰবেছত এই কথা ক'লে মমতা বেনাৰ্জীয়ে।

সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনায় তেওঁ কয়, মোৰ আৰ্মি হোৱাৰ বৰ ইচ্ছা আছিল। সৰুতে সপোন আছিল মই সেনা বাহিনীত যোগদান কৰিম। কিন্তু সেই সময় আৰু সুযোগ লাভ নকৰিলো।  

মংগলবাৰে জলপাইগুৰিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সামৰি বাগডোগ্ৰা হৈ কলকাতালৈ ঘূৰি যোৱাৰ কথা আছিল মমতা বেনাৰ্জী। কিন্তু বাগডোগ্ৰাত উপস্থিত হোৱাৰ আগতেই মাজ আকাশত যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয় মমতা বেনাৰ্জীয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰখন।

সেই সময়তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৰি আৰু কঁকালত কিছু আঘাত পায়। সেয়ে সেৱক এয়াৰৱেছত জৰুৰী অৱতৰণ কৰা হয় তেওঁৰ হেলিকপ্টাৰখন। তাৰ পাছতেই সেনাই তেওঁৰ প্ৰয়োজনীয় যত্ন লয়।

ইয়াৰ বাবে তেওঁ সেনা জোৱানসকলৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তাৰ মাজতেই তেওঁ শৈশৱৰ কথা স্মৰণ কৰে। এক ভিডিঅ’ বাৰ্তাত তেওঁ কয়, আপোনালোকৰ সৈতে আকৌ এবাৰ সাক্ষাৎ কৰাৰ সুযোগ মিলিল।

আপোনালোকক অনেক অনেক ধন্যবাদ। আপোনালোকৰ পৰিবাৰক মোৰ অভিনন্দন জনাব। তেওঁ দেশৰ বাবে সেনাৰ অৱদানকো সোঁৱৰে। তেওঁ কয়, ভাৰতীয় সেনাৰ বিষায়ৰ পৰা জোৱানলৈকে সকলোকে মোৰ অভিনন্দন। কাৰণ তেওঁলোকে নিজৰ জীৱন মাতৃভূমিৰ বাবে উৎসৰ্গা কৰিছে।

ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল মমতা বেনাৰ্জীয়ে...
কাজিৰঙাৰ চৰকাৰী অতিথিশালাত নাই থকা, খোৱাৰ সুব্যৱস্থাঃ গুৰুত্ব নাই বিভাগৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in