ইটাখোলাত অত্যাধুনিক দুখন বাছ সেৱাৰ শুভ উদ্বোধন

ইটাখোলাত অত্যাধুনিক দুখন বাছ সেৱাৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাত জৈনাব ট্ৰেভেলচ নামৰ দুখনকৈ অত্যাধুনিক বাছ সেৱাৰ মঙলবাৰে মুকলি কৰা হয়। ইটাখোলাৰ যুৱ ব্যৱসায়ী ৰফিকুল হুছেইন অৰ্থনৈতিকভাৱে চচ্চল হোৱাৰ লগতে সমাজহিতৈসী উদাৰ মনৰ এগৰাকী উদীয়মানমান যুৱক।

কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত বসবাস কৰা এই যুৱকজনৰ আৰ্থিক আৰু সামাজিক দিশত ইটাখোলা অঞ্চলত যথেষ্ট অৱদান আছে। তেওঁ এগৰাকী বিশিষ্ট যুৱ সমাজকৰ্মী হিচাপে পৰিচিত।

এইজন যুৱকে ব্যৱসায়ীক দিশত দিনক দিনে নিজৰ বুদ্ধিমত্তাৰ বলত দোপত দোপে আগবাঢ়ি যাৱলৈ সক্ষম হৈ স্বাবলম্বী হৈ আন বহুতকে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে ৷ যুৱ সমাজকৰ্মীগৰাকীয়ে বৰ্তমানলৈকে ২০ গৰাকীকৈ নিৱনুৱাক কৰ্ম সংস্থাপন দি পৰিয়ালৰ ভৰণ পোষণৰ পথ মুকলি কৰি দিছে।

ইতিমধ্যেই যুৱকজনে নিজাকৈ ৮খন বাছ ক্ৰয় কৰি ব্যৱসায়ীকভিত্তিত বহু দূৰ আগবঢ়া পৰিলক্ষিত হৈছে। যুৱকজনৰ ইটাখোলাস্থিত গৃহত তেওঁৰ কন্যাৰ জন্মদিনটোতে আজি দুখনকৈ অত্যাধুনিক বাছ সেৱাৰ মুকলি কৰি দিয়ে । শীত-তাপ নিয়ন্ত্ৰিত শ্লীপাৰৰ ব্যৱস্থা থকা এই অত্যাধুনিক বাছ সেৱাৰ আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ।

জৈনাব ট্ৰেভেলচ এই বাছ সেৱাৰ মুকলি অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইগকী বিশিষ্ট ব্যক্তি আলিম মৌলৱী ও স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি যুৱ ব্যৱসায়ীগৰাকীক আগন্তুক দিনবোৰত আৰু অধিক উন্নতিৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰাৰ্থনা জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ইটাখোলাত অত্যাধুনিক দুখন বাছ সেৱাৰ শুভ উদ্বোধন
প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত আৰম্ভ উত্তৰ-পূৰ্বাঞ্চল মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in