উচ্চ শিক্ষাৰ বাবে গহপুৰৰ এখন বিদ্যালয়ত নাম ভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ ভিৰ...

ইতিমধ্যে ৰাজ্যত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শৈক্ষিক ক্ষেত্ৰত অতি কম দিনতে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা গহপুৰৰ সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহু ছাত্ৰ-ছাত্ৰী নাম ভৰ্তিৰ বাবে ভিৰ কৰিছেহি।
উচ্চ শিক্ষাৰ বাবে গহপুৰৰ এখন বিদ্যালয়ত নাম ভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ ভিৰ...

ডিজিটেল সংবাদ, গহপুৰঃ ইতিমধ্যে ৰাজ্যত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শৈক্ষিক ক্ষেত্ৰত অতি কম দিনতে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা গহপুৰৰ সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহু ছাত্ৰ-ছাত্ৰী নাম ভৰ্তিৰ বাবে ভিৰ কৰিছেহি।

বিদ্যালয়খনৰ আধুনিক শিক্ষা ব্যৱস্থা, উপযুক্ত আন্তঃগাঁঠনি আৰু আধ্যাত্মিক পৰিবেশে আকৰ্ষিত কৰিছে নৱাগত ছাত্র-ছাত্ৰী সকলক । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত অসমৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰা দুগৰাকী ছাত্ৰ ছাত্ৰীয়েও এইবেলি শংকৰদেৱ শিক্ষা নিকেতনত নামভৰ্তি কৰিছে । পুৱা গধূলি হৰি নামেৰে আৰম্ভ হোৱা বিদ্যালয় খনে উত্তৰ অসমক শৈক্ষিক ক্ষেত্ৰত এক নতুন মাত্ৰ দিব বুলি ইতিমধ্যে সকলোৱে কব বিচাৰিছে ।

উচ্চ শিক্ষাৰ বাবে গহপুৰৰ এখন বিদ্যালয়ত নাম ভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ ভিৰ...
বালাছোৰৰ ৰেল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in