দৰমহাৰ টকাৰে নুজুৰে ! ১ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে শোণিতপুৰ ডিচি অফিচৰ কৰ্মচাৰীয়ে....

দৰমহাৰ টকাৰে নুজুৰে ! ১ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে শোণিতপুৰ ডিচি অফিচৰ কৰ্মচাৰীয়ে....

author-image
Asomiya Pratidin
New Update
দৰমহাৰ টকাৰে নুজুৰে ! ১ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে শোণিতপুৰ ডিচি অফিচৰ কৰ্মচাৰীয়ে....

দৰমহাৰ টকাৰে নুজুৰে ! ১ হাজাৰ টকা ঘোচ লৈ হাত দাঙিলে শোণিতপুৰ ডিচি অফিচৰ কৰ্মচাৰীয়ে....

ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ এগৰাকী কৰ্মচাৰীয়ে ১ হাজাৰ টকা ঘোচ লৈ আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ববী খান শইকীয়াৰ বিৰুদ্ধে এক হাজাৰ টকা ঘোচ হিচাপে দাবী কৰাৰ এক অভিযোগ লাভ কৰিছিল। 

উপায়ুক্ত কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ কৰ্মচাৰী ববী খান শইকীয়াই ভূমি সংক্ৰান্তিয় এক নঠিৰ বাবদ দাবী কৰিছিল এই ধন। সেই অভিযোগৰ পাছতে আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই দিনৰ ২-৩০ বজাত দাবী কৰা ধন ঘোচ হিচাপে লোৱাৰ অৱস্থাতে ধৰা পেলাবলৈ সক্ষম হয়।

তাৰ পাছতে তেওঁক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত এ চি বি আৰক্ষী থানাত দুৰ্নীতি প্ৰতিৰোধ আইন (সংশোধিত, ২০১৮) ৰ ধাৰা ৭ (a) ৰ আধাৰত  ৩৪/২০২৩ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিতে তেওঁৰ বিৰুদ্ধে যাৱতীয় আন আন ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে।  

Also Read: ছত্তিশগড়ৰ সুৰা কেলেংকাৰী গোচৰত ই ডিক সকিয়ালে উচ্চতম ন্যায়ালয়ে...

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা