/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/c1bb96d9-6e18-46c6-8f7d-3035565a2303/Elora.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ অসমৰ চাহ জনগোষ্ঠীৰ মাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণ তথা বিজ্ঞান মানসিকতা প্ৰসাৰৰ বাবে ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত লাহোৱাল, লাকুৱা তিনিচুকীয়াৰ পিছত এইবাৰ বিশ্বনাথ চাৰিআলি শাখাৰ তত্ত্বাবধানত চাহ জনগোষ্ঠীৰ যুৱ-ছাত্ৰৰ কৰ্মশালা অনুষ্ঠিত হয়। যোৱা ২৯-৩০ জুলাইত ২০২৩ত দুদিনীয়া কাৰ্যসূচীৰে চাকোমাটো চাহ বাগিছা(সাধাৰু)ত কছাৰী লাইন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এই কৰ্মশালা। প্ৰথম দিনা (২৯জুলাই) বিশ্বনাথ চাৰিআলি শাখাৰ সভাপতি ৰামকৃষ্ণ দেৰ সঞ্চালনাত শোক প্ৰস্তাৱ গ্ৰহণৰে কৰ্মশালাৰ কাম আৰম্ভ হয়। মঞ্চৰ গীত পৰিবেশন কৰে ৰত্নেশ্বৰ ৰাভাই।
কৰ্মশালাৰ আৰম্ভণিতে ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক উপসভাপতি প্ৰণৱজ্যোতি ডেকাই ইলোৰা বিজ্ঞান মঞ্চৰ জন্মৰ ইতিহাস, লক্ষ্য, উদ্দেশ্য আৰু আগন্তুক দিনৰ কৰ্মসূচীৰ বিষয়ে সবিশেষ দাঙি ধৰে। কৰ্মশালাৰ উদ্দেশ্যৰ বিষয়ে বক্তব্য ৰাখে ইলোৰা বিজ্ঞান মঞ্চৰ কোষাধ্যক্ষ ড০ বাসুদেৱ দাসে। বিজ্ঞানকৰ্মী তথা শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে বিজ্ঞানৰ বিভিন্ন কলা-কৌশলেৰে যাদুৰ আঁৰত বিজ্ঞান বিষয়ক অনুষ্ঠান প্ৰদৰ্শন কৰে আৰু বৈজ্ঞানিক বাখ্যা দাঙি ধৰে। অসমৰ চাহ জনগোষ্ঠীৰ ইতিহাস সম্পৰ্কে বক্তব্য দাঙি ধৰে অধিবক্তা বেনী চুণ্ডি তাঁতীয়ে। চাহ জনগোষ্ঠীৰ মাজত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিষয়ে আলোচনা আগবঢ়াই দৰং মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড০ জ্যোৎস্না বেজবৰুৱাই। লগতে তেওঁ শিক্ষাৰ্থীসকল মাজত প্ৰশ্নোত্তৰৰ দ্বাৰা বিভিন্ন বিষয় বাখ্যা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d1a9706c-1019-4de5-89c6-90a579d03ba9/6f78ea35_273d_4485_88e9_b2cc2c634781.jpg)
অতুল দাস আৰু তুলিকা নায়কৰ গীতেৰে প্ৰথম দিনাৰ কৰ্মশালা সমাপ্ত হয়। ৩০ জুলাই ২০২৩, কৰ্মশালাৰ ২য় দিনা পুষ্টি আৰু খাদ্য বিষয়ত বক্তব্য দাঙি ধৰে বিশ্বনাথ চাৰিআলি কৃষি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড০ ভক্ত প্ৰসাদ গৌতমে। লগতে এই একেটা বিষয়ত বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰদীপ মহন্তই মনোগ্ৰাহীকৈ বক্তব্য আগবঢ়ায়। জনস্বাস্থ্য আৰু কুসংস্কাৰ সম্পৰ্কে বক্তব্য আগবঢ়াই ৰূপাজুলি চাহ বাগিছাৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰাজেন ৰয়ে। লগতে বিশিষ্ট চিকিৎসক ডাঃ ৰাণা মুকুট কেওঁটে এই বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ উত্থাপিত প্ৰশ্ন সমূহৰ উত্তৰ দি অনুষ্ঠানটোক আকৰ্ষণীয় কৰি তোলে। তেজপুৰ শাখাৰ কমল বৰাই কৰ্মশালাখনৰ প্ৰয়োজনীয়তা আৰু পৰৱৰ্তী কৰ্ম পদ্ধতি সম্পৰ্কে বক্তব্য ৰাখে।
সামৰণি অনুষ্ঠানত শিক্ষাৰ্থীসকলে বিভিন্ন গীত-মাত পৰিবেশন কৰে। লগতে কৰ্মশালাখনে তেওঁলোকক কিদৰে উপকৃত কৰিলে সেই বিষয়ে মতামত আগবঢ়ায়। পৰৱৰ্তী কাম-কাজ আগবঢ়াই নিবলৈ প্ৰতাপগড় চাহ বাগিছা, সাধাৰু চাহ বাগিছা, ৰাঙাপৰা আৰু বিশ্বনাথ চাৰিআলিৰ ছাত্ৰ-ছাত্ৰীসকলকলৈ একোটা গোট গঠন কৰা হয়। কেন্দ্ৰীয় কমিটিৰ পক্ষৰ পৰা জগদীশ দত্তই সফল ভাবে কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা আৰু অংশগ্ৰহণ কৰা সকলো পক্ষকে ধন্যবাদ জনায়। উল্লেখ্য সাকোমাটো চাহ বাগিছাৰ প্ৰাণসিং গৌড় আৰু বিশ্বনাথ চাৰিআলি শাখাৰ সম্পাদক লক্ষী কেওঁটে অনুষ্ঠানটোৰ শলাগৰ শৰাইৰ আগবঢ়ায়।
Also Read: নগাঁৱত আৰক্ষীৰ অভিযানঃ জব্দ ১ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ, আটক