/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6c330461-8d3e-4203-aa39-ebfac878caa8/Atok.jpg)
-
নগাঁৱৰ কঠীয়াতলীত আৰক্ষীৰ অভিযান।
-
গোপন সূত্ৰৰ পম খেদি কঠীয়াতলী পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভিকু বৰ্মনৰ নেতৃত্বত চলিছিল এই অভিযান।
-
অভিযানত ১৫টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
-
লগতে ৩জনক আটক কৰিছে আৰক্ষীয়ে।
-
আটকাধীন লোককেইজন ক্ৰমে মইজুল ইছলাম (কদমনিপথাৰ, জুৰিয়া), দিলদাৰ হুছেইন (জুৰিয়া), মুফাচেল আলম (বালিজান, জুৰিয়া)।
-
লোককেইজনে এ এছ ০৪ টি ৮৮১৮ নম্বৰৰ এখন বাহনৰে ডিমাপুৰৰ পৰা ড্ৰাগছখিনি কঢ়িয়াই নিছিল।
-
আৰক্ষীয়ে তিনিওজনৰ সোধা-পোছা অব্যাহত ৰাখিছে।
-
উল্লেখ্য জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ১কোটিৰো অধিক হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
Also Read: মৃত্যুৰ ক্ষণ গণিছে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ে