/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/84f6dc45-e14d-44cc-9d27-675bccf9b1a7/146.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জমুগুৰিহাটৰ টুপিয়া চাহ বাগিচাৰ আৱাসিক এলেকাত সংঘটিত বিদ্যুতৰ বিজুতিয়ে ঘটালে ভয়ংকৰ কাণ্ড। বিকট শব্দ শুনি আতংকিত অঞ্চলটোৰ ৰাইজ ৷
বিদ্যুৎ বিজুতিৰ ফলত কেইবাঘৰৰ ফ্ৰীজ,পানী উঠোৱা মটৰ,ইনভাৰ্টাৰ আদিকে ধৰি বিভিন্ন বৈদ্যুতিক আচবাচ জ্বলি যায় ৷ ইয়াৰোপৰি কেইবা লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হোৱাৰ অভিযোগ তুলিছে ভক্তভোগীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/7959123c-2856-4af6-b328-f387a0712e90/fc9a2514_94a9_42aa_930e_aa4d8d18b153.jpg)
ঘটনাৰ বিৱৰণী মতে, প্ৰথমে ওচৰতে থকা বিদ্যুৎ বিভাগৰ ট্ৰেঞ্চফৰ্মাৰত বিকট শব্দ আৰু জুই ফিৰিঙতিৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে মোশ্ৰাফ নাছেৰ নামৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বাসভৱনৰ সকলো বৈদ্যুতিক সামগ্ৰীৰ লগতে তেওঁৰ তিনিগৰাকী ভাতৃৰ ঘৰৰ বৈদ্যুতিক সামগ্ৰী জ্বলি যায় ৷
ৰমজান মাহৰ ৰোজাৰ ইফটাৰত ব্যস্ত থকাৰ মুহূৰ্তত সৃষ্টি হোৱা বিকট শব্দ আৰু ক’লা ধোঁৱাৰ আৱৰণ দেখি আতংকিত হৈ পৰে কেইটা পৰিয়াল ৷ ইয়াৰোপৰি চাহ বাগিচাৰ ফেক্টৰীৰ বৈদ্যুতিক মটৰসমূহো জ্বলি যোৱা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে উক্ত ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোকসকলৰ ৷
Also Read: আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহৰ কৃতিত্ব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ