আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহৰ কৃতিত্ব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

১৭ বছৰীয়া আই পি এলৰ ইতিহাসত নজিৰ স্থাপন কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। বুধবাৰে মুম্বাই ইণ্ডিয়ানছৰে হোৱা মেচখনত হায়দৰাবাদে স্থাপন কৰে এই নজিৰ।
আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহৰ কৃতিত্ব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

ডিজিটেল ডেস্ক : ১৭ বছৰীয়া আই পি এলৰ ইতিহাসত নজিৰ স্থাপন কৰিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে। বুধবাৰে মুম্বাই ইণ্ডিয়ানছৰে হোৱা মেচখনত হায়দৰাবাদে স্থাপন কৰে এই নজিৰ।

আই পি এলৰ ইতিহাসত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ নামত থকা সৰ্বাধিক ৰান সংগ্ৰহকাৰী দলৰ ৰেকৰ্ড ভংগ কৰি হায়দৰাবাদে স্থাপন কৰে নতুন ৰেকৰ্ড। আজি মুম্বাইৰে হোৱা মেচখনত দলটোৱে ৩টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আৰ চি বিৰ নামত আছিল ২৬৩ ৰানৰ অভিলেখ। সেই অভিলেখ ভংগ কৰে হায়দৰাবাদে। আজিৰ এই মেচখনত সৰ্বাধিক সফল দল মুম্বাইৰ বিৰুদ্ধে ২৭৭ ৰাণৰ পৰ্বতসম স্কৰ গঢ়ি তোলে এছ আৰ এইছে। দলটোৰ হৈ হেডে ২৪ বলত ৬২, অভিষেকে ২৩ বলত ৬৩, ক্লাছেনে ৩৪ বলত কৰে ৮০ ৰান সংগ্ৰহ কৰে।

ইয়াৰোপৰি উক্ত মেচখনত ২২ মিনিটৰ বাবে গঢ়া আন এক অভিলেখ ভংগ কৰে দলীয় সতীৰ্থই। সেয়া হ'ল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ অভিষেক শৰ্মাই ট্ৰেভিছ হেডে নিশা ৮-০২ বজাত গঢ়া ৰেকৰ্ড।

হেডে ১৮ বলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে ৰেকৰ্ড গঢ়িছিল। ইয়াৰ ঠিক ২২ মিনিট পাছতে সতীৰ্থ অভিষেক শৰ্মাই ৮-২৪ বজাত মাত্ৰ ১৬ বলত অৰ্ধশতক অৰ্জন কৰি সেই ৰেকৰ্ড ভংগ কৰে।

আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহৰ কৃতিত্ব ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
ট্ৰেণ্ডিঙত বয়সৰ ওচৰত হাৰ নমনা ধোনিৰ ভিডিঅ'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in