/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/89bbf769-1099-4d28-ad0a-17dbb633ef5b/201.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে সোণাৰাম দাস সোঁৱৰণী ন্যাসৰ উদ্যোগত ২০২৩ বৰ্ষৰ শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী সোণাৰাম দাসৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ দ্বাৰা প্ৰতি বছৰে আগবঢ়াই অহা কৃতি ছাত্ৰ-ছাত্ৰীৰ বঁটা প্ৰদান অনুষ্ঠানটিৰ সভাপতিত্ব কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ অজিত হাজৰিকাই ৷
জামুগুৰিহাটৰ হাটিঙা অঞ্চলৰ বৰ্ষীয়ান সমাজকৰ্মী ধনেশ্বৰ হাজৰিকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটিত মূখ্য অতিথিৰ আসন অলংকৃত কৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কৃতি ছাত্ৰ-ছাত্ৰীসকলক বঁটাসমূহ প্ৰদান কৰে ৷
Also Read: গোলাঘাটত আৰক্ষীয়ে ধ্বংস কৰিলে ১ কোটি ৪৫ লাখ টকাৰ ড্ৰাগছ