গোলাঘাটত আৰক্ষীয়ে ধ্বংস কৰিলে ১ কোটি ৪৫ লাখ টকাৰ ড্ৰাগছ

গোলাঘাটত আৰক্ষীয়ে ধ্বংস কৰিলে ১ কোটি ৪৫ লাখ টকাৰ ড্ৰাগছ

author-image
Asomiya Pratidin
New Update
গোলাঘাটত আৰক্ষীয়ে ধ্বংস কৰিলে ১ কোটি ৪৫ লাখ টকাৰ ড্ৰাগছ

ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাটত আৰক্ষীয়ে জ্বলাই দিলে প্ৰায় ১কোটি ৪৫ লাখ টকাৰ ড্ৰাগছ । জিলাখনৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ আৰু কেইবাজনো প্ৰশাসনীয় বিষয়াৰ উপস্থিতিত স্থানীয় পুলিচ ৰিজাৰ্ভ খেলপথাৰত বিভিন্ন সময়ত জিলাখনৰ অন্তৰ্গত আৰক্ষী থানাৰ এলেকাৰ পৰা উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলাই ধ্বংস কৰি দিয়া হয়।

Advertisment

এই ড্ৰাগছসমূহৰ ভিতৰত আছে গাঞ্জা ৮.৭৭৯ কে জি, হিৰইন ৫৩৬.৫৫ গ্ৰাম আৰু নিচাযুক্ত টেবলেট ৩৯০ টা। ধ্বংস হোৱা ড্ৰাগছখিনিৰ চোৰাং বজাৰৰ মূল্য প্ৰায় ১কোটি ৪৫ লাখ টকা হ'ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

Also Read: নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত সামূহিক বিবাহ অনুষ্ঠান : বিয়াগীতেৰে মুখৰিত হৰিমন্দিৰৰ বাকৰি

Assam police Golaghat Police