মংগলবৰীয়াৰ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাৰ স্বৰ্ণজয়ন্তী মহোৎসৱৰ শুভাৰম্ভ
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ মংগলবৰীয়াৰ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজাই এইবেলি স্বৰ্ণজয়ন্তী অতিক্ৰম কৰিলে৷ এই উপলক্ষে মংগলবৰীয়া সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা স্বৰ্ণজয়ন্তী মহোৎসৱ উদযাপন কমিটিয়ে দেওবাৰৰ পৰা ২৩ অক্টোবৰলৈকে ৯ দিনিয়া কাৰ্য্যসুচীৰে দুৰ্গা পূজাৰ লগতে শ্ৰীশ্ৰী মদ দেৱী ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ ও স্বৰ্ণজয়ন্তী মহোৎসৱ উদযাপনৰ ব্যাপক আয়োজন কৰিছে৷
হিন্দু ধৰ্মৰ সনাতন সংস্কৃতিত ভৱিষ্যত প্ৰজন্মৰ সংস্কাৰৰ উদ্দেশ্যে বিশ্ব শান্তি কামনাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মংগলবৰীয়া সাৰ্ব্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে ১৯৬৯ চনৰ পৰাই নিৰবিচ্চিন্নভাৱে দুৰ্গা পূজা উদযাপন কৰি বৰ্তমানে ৫৫ বৰ্ষত ভৰি দিছে৷ এই উপলক্ষে দেওবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে দুৰ্গা পূজা সমিতিৰ সভাপতি কুমাৰ লিম্বুৱে৷ বৃক্ষৰোপন কৰে কাৰ্য্যকৰি সভাপতি দীপক নেৱাৰে৷ ইয়াৰ পিচতে বৰুণ আহৱান ও জল যাত্ৰা উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি ধনপতি কাফলেই৷