বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ জিনজিয়া চেন্টাৰত অভিযান চলাই জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলে বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে জহিৰ আলি নামৰ সৰবৰাহকাৰীজনক। যুৱক জনৰ ঘৰ শোণিতপুৰ জিলাৰ ইটাখোলাত যদিও যুৱক জন বিশ্বনাথৰ ৰতোৱাত থাকি উক্ত অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।

Advertisment

উল্লেখ যে, বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ বিভিন্ন স্থনত অভিযান চলাই ধাৰাবাকিহভাৱে ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি আহিছে। মঙলবাৰে পুনৰ এইদৰে বিশ্বনাথৰ জিনজিয়াত এজন যুৱকক ড্ৰাগছসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰা ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

বিগত সময়তো বিশ্বনাথত বহু যুৱকে এনে ধৰণৰ বিসাক্ত ড্ৰাগছ, হেৰইন সেৱন কৰা কথা পোহৰলৈ আহিছে। উল্লেখ্য যে, ৰাজ্যত প্ৰতিদিনে যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি হ'বলৈ ধৰিছে নিচাজাতীয় দ্ৰব্য সেৱনৰ প্ৰৱনতা। আনহাতে পূৰ্বৰ দৰে নিচাজাতীয় সামগ্ৰী বৰ্তমান মদ, ভাং চিগাৰেটতে সীমাবদ্ধ হৈ থকা নাই।

বৰ্তমান যুৱ প্ৰজন্মৰ প্ৰিয় নিচা পৰিছে ড্ৰাগছ, হেৰইন ইত্যাদি । এই নিচা ক্ৰয় কৰিবলৈ একাংশ যুৱকে অপৰাধ জগততো সোমাই পৰিছে। চৰকাৰ তথা অসম আৰক্ষীয়ে হেৰইনৰ দৰে নিচা জাতীয় সামগ্ৰী ৰাজ্যত বন্ধ কৰাৰ চেষ্টা চলাইছে যদিও সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই।

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

drugs peddler drugs seized