/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8c1b6f7d-99af-4d1b-8f45-828a74ba7cca/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
পুলিছৰ অৱহেলা! পুলিছ নিষ্কৰ্মা! এনেবোৰ কাৰণতেই বাছি যায় বহু অপৰাধী। প্ৰতিদিনেই সংঘটিত হয় ন ন ঘটনা। আৰক্ষীক দিয়া স্বাধীনতা, আইন আদি থকাৰ পাছতো দেশত সংঘটিত হৈ আছে অপৰাধমূলক ঘটনা।
ঘৰৰ পৰা ওলাই যোৱা মানুহজনে ঘৰ পাই নে নাপাই সেয়াও এতিয়া ভাবিবলগীয়া কথা।কোনে কি প্ৰতিশোধত কাৰ প্ৰাণ লয় সেয়াও ক'ব নোৱাৰি। নিজৰ আপোনজনকো এটা সৰু কাৰণত হত্যা কৰি দিব পৰা ঘটনা প্ৰায়েই সংঘটিত হয়। এতিয়া যে চাৰিওফালে কেৱল নৃশংসতা।
এনচিআৰবিৰ শেহতীয়া তথ্য অনুসৰি দেশত প্ৰতিদিনেই সংঘটিত হয় প্ৰায় ৭৮ টা হত্যাকাণ্ড। তথ্য অনুসৰি ২০২২ চনত দেশত হত্যাকাণ্ড সন্দৰ্ভত মুঠ ২৮,৫২২ খন এজাহাৰ পঞ্জীয়ন হৈছিল। এই তথ্য অনুসৰি দেশত প্ৰতিদিনে গড়ে ৭৮ টা বা প্ৰতি ঘণ্টাত তিনিটাতকৈ অধিক হত্যাকাণ্ড সংঘটিত হয়। ইয়াৰ পূৰ্বে ভাৰতত ২০২১ চনত ২৯,২৭২ আৰু ২০২০ চনত ২৯,১৯৩ টা হত্যাকাণ্ডৰ ঘটনা পঞ্জীয়ন হৈছিল।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত কাম কৰা ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰৰ মতে ২০২২ ত সংঘটিত হোৱা হত্যাকাণ্ড বেছিভাগৰে কাৰণ আছিল বিবাদ। বিবাদৰ বাবে ৯,৯৬২ টা হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে। সমান্তৰালকৈ ব্যক্তিগত কাৰণ বা প্ৰতিশোধৰ বাবে ৩,৭৬১ টা আৰু লাভৰ বাবে ১,৮৮৫ টা হত্যাকাণ্ড পঞ্জীয়ন হৈছিল।
তথ্য অনুসৰি, সমগ্ৰ দেশত প্ৰতি লাখ জনসংখ্যাত হত্যাৰ হাৰ আছিল ২.১। লগতে এনে ঘটনাৰ অভিযোগনামা দাখিলৰ হাৰ আছিল প্ৰায় ৮১.৫ শতাংশ।
ৰাজ্যৰ ফালৰ পৰা কব গলে উত্তৰ প্ৰদেশত সবাতোকৈ বেছি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ২০২২ চনত উত্তৰ প্ৰদেশত ৩,৪৯১ টা হত্যাৰ গোচৰ পঞ্জীয়ন হৈছিল। ইয়াৰ পাছতে বিহাৰত ২,৯৩০, মহাৰাষ্ট্ৰত ২২৯৫, মধ্য প্ৰদেশত ১,৯৭৮ আৰু ৰাজস্থানত ১৮৩৪ টা হত্যাৰ গোচৰ পঞ্জীয়ন হৈছে। এই ৫ খন ৰাজ্যত দেশৰ মুঠ হত্যাকাণ্ডৰ ৪৩.৯২ শতাংশ সংঘটিত হৈছে।
আনহাতে কম হত্যাকাণ্ড সংঘটিত হোৱা ৰাজ্য সমূহৰ ভিতৰত আছে চিক্কিম ৯টা, নাগালেণ্ডত ২১ টা, মিজোৰামত ৩১ টা, গোৱাত ৪৪টা, মণিপুৰত ৪৭ টা।
ইয়াৰোপৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২০২২ চনত ৫০৯ টা হত্যাৰ গোচৰ পঞ্জীয়ন হৈছে। তাৰপাছতে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত ৯৯ টা, পণ্ডুচেৰীত ৩০ টা, চত্তিশগড়ত ১৮ টা, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ ১৬টা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৭টা, লাডাখ ত ৫ টা হত্যাকাণ্ড সংঘটিত হৈছে। তথ্য অনুসৰি লক্ষদ্বীপত ২০২২ চনত এটা হত্যাকাণ্ডৰ গোচৰো পঞ্জীয়ন হোৱা নাই।
হত্যাৰ হাৰ ঝাৰখণ্ডত সৰ্বাধিক ৪ শতাংশ আছিল। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশত ৩.৬ শতাংশ, চত্তিশগড় আৰু হাৰিয়ানাত ৩.৪ শতাংশ, অসম আৰু উৰিষ্যাত ৩ শতাংশ।
উত্তৰ প্ৰদেশত ১.৫ শতাংশ, বিহাৰত ২.৩ শতাংশ, মহাৰাষ্ট্ৰত ১.৮ শতাংশ, মধ্যপ্ৰদেশত ২.৩ শতাংশ আৰু ৰাজস্থানত ২.৩ শতাংশ প্ৰতিলাখ জনসংখ্যাত হত্যাকাণ্ড সংঘটিত হয়।
বয়সৰ হিচাপত এই হত্যাকাণ্ডৰ ৯৫.৪ শতাংশ প্ৰাপ্তবয়স্ত লোক আছিল। মুঠ হত্যাৰ বলি হোৱাৰ লোকৰ ৮,১২৫ গৰাকী মহিলা আৰু ৯ গৰাকী তৃতীয় লিংগৰ। অৰ্থাৎ হত্যাৰ ভুক্তভোগী ৭০ শতাংশ পুৰুষ।
এই সমূহ তথ্য সঁচাকৈয়ে উদ্বেগজনক। প্ৰশাসন নামৰ যন্ত্ৰটো এই ক্ষেত্ৰত কিছু শক্তিশালী হোৱাৰ প্ৰয়োজন। কৰণীয় আছে কেন্দ্ৰীয় চৰকাৰ, আইন, আদালতৰো। কোৱা হয়, ভাৰতৰ ন্যায়িক ব্যৱস্থা লেহেমীয়া। এলান্ধু লাগে ন্যায়ৰ বাবে চিঞৰি আদালতৰ টেবুলত পৰি থকা এটা ফাইলত। ন্যায়ৰ অপেক্ষা কৰি কৰি বছৰ বছৰ পাৰ হৈ যায় ভুক্তভোগীৰ।
দেশত মৃত্যু যেন এতিয়া সুলভ হৈ পৰিছে। আশা মাঁথো এটাই, দেশত কম হ'ব অপৰাধমূলক ঘটনা। শক্তিশালী হ'ব আইন তথা প্ৰশাসন।
কিন্তু কিহৰ বাবে এই নৃশংসতা? কিহৰ বাবে সুলভ হৈ পৰিছে অপৰাধ? কিহৰ বাবে মানুহে মানুহক পাৰি পেলাবলৈ কুন্ঠাবোধ নকৰে? হয়তো এই ক্ষেত্ৰত কিছু সজাগতাৰো প্ৰয়োজন।
আধুনিক এই পৃথিৱীত মানুহ যন্ত্ৰ হৈ পৰিছে। মানুহে মানুহক চিনি নোপোৱা হৈছে। নিজক পাহৰি প্ৰতিযোগিতাত দৌৰি পৰিছে। এই প্ৰতিযোগিতাতে হেৰুৱাই পেলাইছে নিজক।
মানুহে মানুহক চিনি পাব লাগিব, ভাল পাব শিকিব লাগিব আৰু নিজক নেহেৰুৱাই জীৱন উপভোগ কৰাৰ প্ৰৱণতা গঢ়ি দিব লাগিব। জীৱনটো যে কিমান ধুনীয়া সেই কথা বুজিলেহে মানুহে বুজি পাব এটা জীৱনৰ মূল্য। আৰু তেতিয়াই হয়তো নিৰ্মাণ হ' ব এখন ধুনীয়া, সুন্দৰ, অপৰাধমুক্ত পৃথিৱী...
Also Read: কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...