গহপুৰত ডি এম আই টি পৰীক্ষাৰ শাখা কেন্দ্ৰৰ দ্বাৰ মুকলি

গহপুৰত ডি এম আই টি পৰীক্ষাৰ শাখা কেন্দ্ৰৰ দ্বাৰ মুকলি

ডিজিটেল সংবাদ,ছয়দুৱাৰ : প্ৰতিগৰাকী পিতৃ-মাতৃয়ে নিজ সন্তানৰ শৈক্ষিক কেৰিয়াৰ কি হ'ব সেইবিষয়ে জনাৰ এটা হাবিয়াস থাকে। বিজ্ঞান, কলা, বানিজ্য, কাৰিকৰী আদি বিষয়ৰ উপৰিও কৃষ্টি-সংস্কৃতি, ক্ৰীড়া,সাহিত্য, আদি দিশ সমূহত নিজৰ সন্তানটোৰ দখল কেনেকুৱা হ'ব সেই বিষয়েও কিছু আভাস পোৱাৰ ইচ্ছা কৰে।

ইয়াৰ বাবে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ দৰে অসমৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হৈ উঠা ডি.এম.আই.টি পৰীক্ষাৰ ব্যৱস্থাক ৰাইজৰ মাজলৈ কাষ চপাই নিবলৈ প্ৰয়াস কৰি আহিছে স্বচ্ছ ব্ৰহ্মপুত্ৰ ভেলী ফাউণ্ডেছন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। ইয়াৰ অধীনস্থ ইগনাইটেড স্কীল নামৰ প্ৰতিষ্ঠানটোৱে গহপুৰ নগৰৰ মাজমজিয়াত ডি.এম.আই.টি পৰীক্ষাৰ ফ্ৰিংগাৰপ্ৰিণ্ট ডাটা কালেকছন কৰাৰ এটা শাখা কেন্দ্ৰৰ সোমবাৰে আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে।

ইগনাইটেড স্কীলৰ পৰিচালন সঞ্চালক তথা কাউঞ্চেলৰ ৰুদ্ৰ গগৈয়ে ফিটা কাটি দ্বাৰ মুকলি কৰে। অনুষ্ঠানটোত তেওঁ কয় যে ডি এম আই টি পৰীক্ষা হৈছে আঙুলিৰ চাপ ভিত্তিক বায়'মেট্ৰিক বিশ্লেষণেৰে এটি সন্তানৰ বহু ভিতৰুৱা দিশ জানিবলৈ কৰা এটা প্ৰযুক্তিগত পৰীক্ষা।

এই পৰীক্ষাৰ জৰিয়তে তিনি বছৰ বয়সৰ ওপৰৰ শিশু, কিশোৰ-কিশোৰীৰ ওলাই পৰে ভিতৰুৱা বহু নজনা কথা। উন্নত প্ৰযুক্তিৰ বায়'মেট্ৰিক মেচিনৰ সহায়ত আঙুলিৰ বায়'মেট্ৰিক সংগ্ৰহ কৰাৰ তিনিদিনৰ পিছত বিজ্ঞানসন্মতভাৱে ৭৭ পৃষ্ঠাৰ এখন ৰিপৰ্ট প্ৰস্তুত হয়।

সেই ৰিপৰ্টটোৰ পৰাই সন্তানটোৰ প্ৰতিটো ক্ষেত্ৰৰ বিভিন্ন দিশ ওলাই পৰে বুলি ৰুদ্ৰ গগৈয়ে দ্বাৰ মুকলি অনুষ্ঠানটোৰ জৰিয়তে উল্লেখ কৰে। গহপুৰ নগৰৰ মহামায়া হোটেলৰ কাষত স্থাপন কৰা এই শাখা কেন্দ্ৰটো সাংবাদিক নৱজিৎ শইকীয়াৰ নেতৃত্বত পৰিচালিত হ'ব।

ডি এম আই টি পৰীক্ষাৰ ফ্ৰিংগাৰপ্ৰিণ্ট ডাটা কালেকছন কেন্দ্ৰটোৰ যোগাযোগ নম্বৰ হৈছে ৮৬৩৮১৪১০৩৮ আৰু ৯৮৫৪০৩৫৫৪০। উক্ত অনুষ্ঠানত ইগনাইটেড স্কীলৰ কাৰ্য্যবাহী বিষয়া তথা মুখ্য পৰিচালক ধীৰাজ ভূঞা, ৰাজ্যিক সমন্বয়ক তথা মুখ্য কাৰিকৰী বিষয়া ৰাতুল গগৈকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। এই কেন্দ্ৰটো পৰিচালনা কৰা আৰু ফ্ৰিংগাৰপ্ৰিণ্ট ডাটা কালেকছন কৰাৰ বাবে সাংবাদিক নৱজিৎ শইকীয়াই প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

গহপুৰত ডি এম আই টি পৰীক্ষাৰ শাখা কেন্দ্ৰৰ দ্বাৰ মুকলি
SBI ৰ সৌজন্যত বটদ্ৰৱা থানত তীৰ্থ যাত্ৰীৰ বাবে অত্যাধুনিক খোৱা পানীৰ প্ৰকল্প..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in