SBI ৰ সৌজন্যত বটদ্ৰৱা থানত তীৰ্থ যাত্ৰীৰ বাবে অত্যাধুনিক খোৱা পানীৰ প্ৰকল্প..

SBI ৰ সৌজন্যত বটদ্ৰৱা থানত তীৰ্থ যাত্ৰীৰ বাবে অত্যাধুনিক খোৱা পানীৰ প্ৰকল্প..
SBI ৰ সৌজন্যত বটদ্ৰৱা থানত তীৰ্থ যাত্ৰীৰ বাবে অত্যাধুনিক খোৱা পানীৰ প্ৰকল্প..

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ অহা তীৰ্থ যাাত্ৰীসকলৰ সুবিধা প্ৰতি লক্ষ্য ৰাখি ২৪ লাখ ২৪ হাজাৰ টকাৰ ব্যয় সাপক্ষে এটি খোৱা পানীৰ প্ৰকল্প আজি বটদ্ৰৱা থানত শুভ উদ্বোধন কৰি পৰিচালনা সমিতিক অৰ্পন কৰা হয়৷ ভাৰতীয় ষ্টেট বেংকৰ অৰ্থসাহাৰ্যৰে নিৰ্মাণ সম্পন্ন কৰা এই খোৱা পানী প্ৰকল্পত বটদ্ৰৱা থান চৌহদটিত সৰ্বমুঠ ২০টা পইন্ট স্থাপন কৰি তীৰ্থযাত্ৰীৰ এটি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰে।

গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বটদ্ৰৱা থানৰ এই বিশুদ্ধ খোৱা পানীৰ বিজ্ঞান সন্মত অত্যাধুনিক প্ৰকল্পটি তীৰ্থযাত্ৰীৰ সেৱাত থান পৰিচালনা সমিতিলৈ আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে ষ্টেট বেংক নগাঁও শাখাৰ মুখ্য প্ৰপন্ধক সুজিত দেয়ে। প্ৰকল্পৰ দ্বাৰ মুকলি কৰে বটদ্ৰৱা থান পৰিচালনা সমিতি সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেব মহন্তই।

অনুষ্ঠানটিত ষ্টেট বেংক অফ ইণ্ডিয়া নগাঁও শাখাৰ মুখ্য প্ৰৱন্ধক প্ৰাচুৰ্য প্লাৱন শৰ্মা, বটদ্ৰৱা শাখাৰ প্ৰৱন্ধক ৰাজীৱ বৰা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অনুপ কুমাৰ দাস, শিক্ষক গুনমনি কলিতাকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

SBI ৰ সৌজন্যত বটদ্ৰৱা থানত তীৰ্থ যাত্ৰীৰ বাবে অত্যাধুনিক খোৱা পানীৰ প্ৰকল্প..
বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগা পাৰ পাৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in