ঢেকীয়াজুলিত চহৰৰ মাজমজিয়াত খেদি খেদি দাৰে ঘপিয়াই হত্যা এজনক...

ঢেকীয়াজুলিত চহৰৰ মাজমজিয়াত খেদি খেদি দাৰে ঘপিয়াই হত্যা এজনক...
ঢেকীয়াজুলিত চহৰৰ মাজমজিয়াত খেদি খেদি দাৰে ঘপিয়াই হত্যা এজনক...

ডিজিটেল সংবাদ ওৰাংঃ ঢেকীয়াজুলিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।ঢেকীয়াজুলি উপ-পঞ্জীয়ক কাৰ্য্যালয়ৰ মহৰী উত্তম দাসক ঢেকীয়াজুলি ৰাজহ চক্ৰ কাৰ্যলয়ৰ সন্মুখতে দিনদুপৰতে দাৰে ডিঙি, মূৰ, বুকু, হাতত ঘপিয়াই হত্যা কৰিলে নিৰঞ্জন খোদাল নামৰ এজন লোকে।

হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰীটোৱে ঢেকীয়াজুলি আৰক্ষী থানাত আত্মসমৰ্পন কৰিছে ৷ মৃত উত্তম দাসৰ ঘৰ বৰছলা সমষ্টিৰ অৰিয়াণ্টলিত। হত্যাকাৰী নিৰঞ্জন খোদালৰ ঘৰ ঢেকীয়াজুলিৰ ৰবৰটলাত।

ঘটনাৰ বিৱৰণ অনুসৰি আজি দিন দুপৰতে ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমিপত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড। চহৰৰ মাজমজিয়াত খেদি খেদি দাৰে ঘপিয়াই উত্তম দাস নামৰ এজন লোকক হত্যা কৰিলে নিৰঞ্জন খোদাল নামৰ এজন লোকে।

ডিঙি, মূৰ, বুকু, হাতত ঘপিয়াই আঘাত কৰি হত্যা কৰিলে উত্তম দাসক। মহৰী উত্তম দাসৰ পৰিয়ালৰ সৈতে নিৰঞ্জন খোদালৰ দীৰ্ঘদিনৰ পৰা মাটি-বাৰী সংক্ৰান্তীয় সংঘাট চলি আচিল বুলি জানিব পৰা গৈছে। যাৰফলত আজি এই হত্যাকাণ্ড সংঘটিত হয়।

উত্তম দাসৰ হত্যাকাণ্ডই সমগ্ৰ ঢেকীয়াজুলি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধিনৰ ঢেকীয়াজুলি উপ-পঞ্জীয়ক কাৰ্যালয়ৰ মহৰী গৰাকীৰ হত্যাকাণ্ডই কাৰ্যালয়টোৰ বিষয়ে বিভিন্ন মহলৰ মাজত নানা ধৰণৰ প্ৰশ্নৰ অবতাৰনা হৈছে।

জানিব পৰামতে ২০০৯ চনৰ পৰাই উত্তম দাসৰ পৰিয়ালৰ সৈতে নিৰঞ্জন খোদালৰ মাজত সংঘাত চলি আছিল। মাটি-বাৰী সংক্ৰান্তীয় গোচৰত নিৰঞ্জন খোদালে তেজপুৰ আদালতৰ কাষ চাপিছিল। সেই গোচৰৰ ২০১৫ চনত ন্যায়ালয়ে উত্তম দাসৰ পক্ষেই ৰায় প্ৰদান কৰিছিল।

এই ৰায়ত অসন্তুষ্ট হৈ নিৰঞ্জন খোদাল কাষ পাচে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়েও উত্তম দাসৰ সপেক্ষেই ৰায় প্ৰদান কৰে। এই সমগ্ৰ হত্যাকাণ্ড সন্দৰ্ভত ঢেকীয়াজুলি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ঢেকীয়াজুলিত চহৰৰ মাজমজিয়াত খেদি খেদি দাৰে ঘপিয়াই হত্যা এজনক...
বিজেপিৰ নীতিকেই অনুসৰণ কংগ্ৰেছৰ ! শনিবাৰে কৰ্ণাটকত বিশাল শপতগ্ৰহণ অনুষ্ঠান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in