নীট পৰীক্ষাত ধলাইবিলৰ ভাৰ্গৱ বৰাৰ সাফল্য

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অভিনন্দন ও শুভেচ্ছা
নীট পৰীক্ষাত ধলাইবিলৰ ভাৰ্গৱ বৰাৰ সাফল্য

ডিজিটেল সংবাদ,জামুগুৰিহাট : সদ্যঘোষিত সৰ্ব্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজলি উঠিছে জামুগুৰিহাটৰ ধলাইবিলৰ ভাৰ্গৱ বৰা ৷ কৃতি ছাত্ৰ ভাৰ্গৱ বৰাই নীট পৰীক্ষাত মুঠ ৫৮২ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

মেধাৱী ছাত্ৰগৰাকীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে দীৰ্ঘদিন ধৰি একানপতীয়াকৈ অধ্যয়ন কৰাৰ লগতে তেজপুৰস্থিত Photon Classes নামৰ প্ৰতিষ্ঠানটোত অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল । মুঠ ৫৮২ নম্বৰলৈ এই বৃহৎ সফলতা লাভ কৰা ভাৰ্গৱ বৰাই বিগত বৰ্ষতো অনুষ্ঠিত নীট পৰীক্ষাত অৱতীৰ্ণ হৈ সামান্য নম্বৰৰ বাবে বিফল হৈছিল।

অৱশ্যে মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ ব্যাপক প্ৰস্তুতিৰে এইবাৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলি পুনৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল । মেধাৱী ছাত্ৰগৰাকীৰ এই সফলতাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে কৃতি ছাত্ৰ ভাৰ্গৱ বৰা ধলাইবিল নিবাসী উদীয়মান ঔষধ ব্যৱসায়ী পবিত্ৰ বৰা আৰু মাইনু বৰাৰ জ্যেষ্ঠ পুত্ৰ ।

নীট পৰীক্ষাত ধলাইবিলৰ ভাৰ্গৱ বৰাৰ সাফল্য
লেখিকা-সমাজসেৱিকা ভৱানী শৰ্মাৰ স্মৃতি দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in