ধলাইবিলত ১৩ দফীয়া দাবীৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাগৰিক সভা...

জামুগুৰিহাটৰ ধলাইবিল সাহিত্য সভা ভৱনত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাগৰিক সভা। নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ...

author-image
Asomiya Pratidin
New Update
ধলাইবিলত ১৩ দফীয়া দাবীৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নাগৰিক সভা...

ডিজিটেল সংবাদ, জামুগুৰিহাট : কোচ ৰাজবংশীসকলৰ জনজাতি কৰণকে ধৰি সন্থাৰ তেৰ দফীয়া দাবী সন্দৰ্ভত শনিবাৰে সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)ৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু নদুৱাৰ আঞ্চলিক সমিতিৰ সহযোগত জামুগুৰিহাটৰ ধলাইবিল সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এক বিশেষ নাগৰিক সভা। অসমত বসবাস কৰা কোচ ৰাজবংশীৰসকলৰ বিভিন্ন সমস্যা আৰু ৰাজ্য চৰকাৰৰ দীৰ্ঘদিনীয়া প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰা বিষয়ক লৈ ৰাইজক সজাগ-সচেতন কৰিবলৈ সমগ্ৰ অসম জুৰি নাগৰিক সভাৰ আয়োজন কৰা হয়।

তাৰেই অংশ হিচাপে শনিবাৰে শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত এই বিশেষ নাগৰিক সভা অনুষ্ঠিত হয়। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মহেশ্বৰ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই নাগৰিক সভাত কেন্দ্ৰীয় কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মুখ্য আহ্বায়ক ড° পৰশমনি সিংহৰ লগতে কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকী ছাত্ৰ নেতা উপস্থিত থাকে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় উপদেষ্টা ড° পৰশমনি সিংহই কয়- "ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাকলাৰীয়ে কোচসকলৰ জনজাতি কৰণৰ দাবীকলৈ যি তৰল মন্তব্য কৰিছে সেয়া তেওঁৰ জ্ঞানৰ অভাৱ ৷ খাকলাৰীয়ে কোচসকলৰ ইতিহাস নজনাকৈ মন্তব্য কৰিছে ৷ কোচসকলক লৈ তুলুঙা মন্তব্য কৰাৰ অধিকাৰ তেওঁ ক'ত পালে ? প্ৰথমে কোচসকলৰ ইতিহাস পঢ়ক আৰু তাৰ পাছত মন্তব্য কৰক৷"

তদুপৰি ড° পৰশমনি সিংহই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোচসকলৰ জনজাতি কৰণৰ ন্যায্য দাবীক চূড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'বলৈ দাবী জনায় ৷ উল্লেখযোগ্য যে, উক্ত নাগৰিক সভাতেই সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উপৰিও শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নতুন সমিতিক শপত বাক্য পাঠ কৰোৱা হয়। লগতে নতুন সমিতি দায়িত্ব অৰ্পণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলে।

Also Read: তামুলপুৰৰ আনাৰসে আনিছে আশাৰ ৰেঙনি: অসমৰ বজাৰ দখল...

GOVT OF ASSAM