ঢকুৱাখনা আৰক্ষীৰ এদিনত ১ লাখ ৩৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ...

ঢকুৱাখনা আৰক্ষীৰ এদিনত ১ লাখ ৩৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা আৰক্ষীৰ এদিনত ১ লাখ ৩৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ...

ঢকুৱাখনা আৰক্ষীৰ এদিনত ১ লাখ ৩৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ...

ডিজিটেল সংবাদ ঢকুৱাখনা: যানবাহন আইন উলংঘাকাৰীৰ প্ৰতি অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে। দুচকীয়াৰ পৰা লঘু যানবাহনলৈকে বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ, যাবতীয় নথিপত্ৰৰ লগতে হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালকৰ বিৰুদ্ধে ব্যাপক অভিযান ইতিমধ্যে আৰম্ভ কৰিছে ঢকুৱাখনা আৰক্ষীয়ে।

Advertisment

দিনে নিশাই সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত উপ-পৰিদর্শক দীনেশ মেধি আৰু সিদ্ধাৰ্থ নাথ আৰু মেজৰ তিলক শইকীয়াৰ সহযোগত অব্যাহত থকা এই ধাৰাবাহিক অভিযানৰ কালত সোমবাৰৰ দিনটোতে সৰ্বমুঠ ১ লাখ ৩৩ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ঢকুৱাখনা আৰক্ষীয়ে পঞ্জীয়নবিহীন,অনুজ্ঞাপত্ৰবিহীন আৰু প্ৰয়োজনীয় নথিপত্ৰ নথকা যানবাহনৰ লগতে হেলমেট পৰিধান নকৰা আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি কৈ এই ক্ষেত্ৰত সতৰ্ক হোৱাৰ আহ্বান জনায় নাগৰিক সকলক।

Also Read: ঢকুৱাখনাৰ বেবেজিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক...

ঢকুৱাখনা