ঢকুৱাখনাৰ বেবেজিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক...

ঢকুৱাখনাৰ বেবেজিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ বেবেজিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক...

ঢকুৱাখনাৰ বেবেজিয়াত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক...

ডিজিটেল সংবাদ ঢকুৱাখনা:  লখিমপুৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ চকুত ধুলি দি অতি সংগোপনে অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ এখন অবৈধ বেহা। জিলাখনৰ ঢকুৱাখনা মহকুমা শেহতীয়া ভাবে এই নিষিদ্ধ ড্ৰাগছৰ ভূস্বৰ্গ হিচাবে ব্যৱহৃত হৈ পৰিছে।

Advertisment

আৰক্ষী অধীক্ষক মিশ্ৰৰ কঠোৰ সকীয়নীকো কেৰেপ নকৰি মহকুমাটোৰ সৰ্বত্ৰে চলি থকা এই অবৈধ বেহাখনৰ অন্যতম কেন্দ্ৰবিন্দু হিচাবে সোনাৰী চাপৰি চর্চালৈ আহিছে। মফচলিয়া এই অঞ্চলটোৰ পৰা প্ৰায় দুবছৰৰ পূৰ্বে  আত্মগোপন কৰা দুগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ জৰিয়তে সম্প্ৰতি গোপনে এই বেহা চলি থকাৰ আশংকা কৰা হৈছে।

সোনাৰী চাপৰিৰ একাংশ যুৱকক ব্যৱহাৰ কৰি অব্যাহত ৰখা এই নিষিদ্ধ বেহাখন উৎখাত কৰাত নিৰ্লজ্জ ভাবে ব্যৰ্থ হৈছে ইয়াৰ আৰক্ষী বিভাগ। শেহতীয়া ভাবে সোমবাৰে নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বেবেজিয়াৰ ফুচকৰামুখ তিনিআলিত সোনাৰী চাপৰি অঞ্চলৰ এজন ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক ৰাইজে হাতেলুটে আটক কৰাৰ পাছত এই আশংকা পৰিষ্কাৰ হৈ পৰিছে।

জানিব পৰা মতে সোনাৰী চাপৰিৰ সৰুপতিয়া গাঁৱৰ বলেশ্বৰ চুতীয়াৰ পুত্ৰ প্ৰদীপ চুতীয়াই বাবু নামৰ এগৰাকী সতীৰ্থৰ সৈতে ফুচকৰামুখহৈ ড্ৰাগছ সৰবৰাহ কৰাৰ লগতে খাই থকা অৱস্থাতে গাঁওবাসীয়ে ধৰি আবদ্ধ কৰে। ৰাইজৰ উপস্থিতিৰ উমান পাই চাউৰুকিয়া গাঁৱৰ বাবু নামৰ অন্যজন যুৱক পলাই যায় আৰু ধৃত যুৱকজনক ৰাইজে ঘিলামৰা আৰক্ষীৰ হাতত চমজাই দিয়ে।

ৰাইজে ধৃত যুৱকজনৰ পৰা এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আশংকা কৰা মতে পলাতক বাবু নামৰ যুৱকজনে বহু পৰিমাণৰ ড্ৰাগছ লগত লৈ আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।

সম্প্ৰতি ঘিলামৰা আৰক্ষীৰ জিম্মাত থকা পবিত্ৰ চুতীয়াক সোধা পোচা অব্যাহত আছে আৰক্ষীৰ । সোনাৰী চাপৰিবাসীৰ আৰক্ষী অধীক্ষক মিশ্ৰলৈ আহ্বান ৰহস্যজনক ভাবে প্ৰায় দুবছৰৰ পূৰ্বে অঞ্চলটোৰ পৰা আত্মগোপন কৰি নিষিদ্ধ বেহা  চলাই থকা এই চক্ৰতোক উৎখাত কৰি অঞ্চলটোৰ ভৱিষ্যত প্ৰজন্মক নিষিদ্ধ ড্ৰাগছৰ এই কৰাল গ্ৰাসৰ পৰা সুৰক্ষিত কৰক ।

Also Read: নগাঁৱৰ 'প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্ট'ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব...

ঢকুৱাখনা অপৰাধ