ৰঙাচকুৱাত দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাৰ আয়োজন

ৰঙাচকুৱাত দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
ৰঙাচকুৱাত দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱাত অসমী মহিলা মঞ্চৰ উদ্যোগত ৰঙাচকুৱা আঞ্চলিক সমিতিৰ সহযোগত বৃহস্পতিবাৰে দ্বিতীয় বাৰ্ষিক দেউচি ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই উপলক্ষে ৰঙাচকুৱা আঞ্চলিক সমিতিৰ সভানেত্ৰী দীপালী প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে আঞ্চলিক সমিতিৰ সহ:সম্পাদিকা সবিতা গৌতমে ।

Advertisment

উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী হিমাদ্ৰী দেবীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে নৃত্য প্ৰতিযোগিতাৰ মঞ্চ মুকলি কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মতি কুমাৰ নেৱাৰে । গোৰ্খাসকলৰ দেউচি ভইলী সংগিনী নৃত্য প্ৰতিযোগিতাত অঞ্চলটোৰ অৰ্দ্ধ শতাধিক যুৱতি মহিলাই অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে টিকাৰাম নেৱাৰ আৰু লক্ষ্মী পোখড়েলে । অসমী মহিলা মঞ্চৰ নদুৱাৰ কেন্দ্ৰীয় সম্পাদিকা টিংকু দেৱী , কেন্দ্ৰীয় কোষাধক্ষ্য চানু নেৱাৰ , প্ৰচাৰ সম্পাদীকা ৰীনা নেৱাৰ, সহকাৰী সম্পাদিকা ধন কুমাৰী নেৱাৰ , গাঁওপঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপক নেৱাৰ আৰু শিক্ষক নিলকমল নেৱাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠানটিত অঞ্চলটোৰ বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰঙাচকুৱা আঞ্চলিক মহিলা মঞ্চৰ‌ সম্পাদিকা সুজাতা মৈয়দালি আৰু উপ সভানেত্ৰী বীণা উপ্ৰেতিয়ে অনুষ্ঠান টি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডি কৰি তোলা সকলো শ্ৰেণীৰ ৰাইজক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।

Also Read: চৰাইদেউত নিষিদ্ধ ঘোষিত সংগঠনৰ লিংকমেন আটক

নৃত্য প্ৰতিযোগিতা